Search

Saturday, 1 June 2013

“স্পিৰিট কল-২”

সপ্তম সান্মাষিকৰ কথা । খবৰ পালো অসমৰ বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাদেৱ ঢুকাল, এটি যুগৰ অৱসান ঘটিল । অসমীয়া জাতিৰ আয়ুস ৰেখাক চিনাকী কৰোৱা শিল্পীজনৰ বিদায় বেলাত অসমীয়া মানুহখিনিৰ তেওঁৰ প্রতি অকুন্ঠ শ্রদ্ধা দেখা পালো । জালুকবাৰীতে থকা বাবে মোৰো সেই অভূতপূৰ্ব দৃশ্য দেখাৰ সৌভাগ্য ঘটিছিল, বিমানবন্দৰৰ পৰা গুৱাহাটীস্থ নিজ ঘৰলৈকে তেওঁৰ অন্তিম দৰ্শনৰ বাবে মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা । ঠিক অন্তেষ্টিক্রিয়াৰ দিনাও একেই অৱস্থা, এপাক শেষ দৰ্শন কৰি আহো বুলি গ’লো কিন্তু দুজনমান নেতা-পালিনেতা, শিল্পীৰ বহুৱামিহে দৰ্শন হ’ল । ভগৱানৰ প্রসাদ বুলি দূৰৈৰ চন্দ্রক আতৰৰপৰাই সেৱা এটি জনাই হোষ্টেল পালোহি । গোটেই আগবেলাতো টিভিত অন্তেষ্টিক্রিয়াৰ লাইভ্ টেলিকাষ্ট চাই ভাত পানী খাই আবেলি বিচনাত পৰিলোহি ।

ঠিক ৫:৩০ মান বজাত খকামকাকৈ সাৰ পালো । লাহে লাহে ঠান্ডা দিন আহিছে, বেলিও ভাগৰত শুবলৈ গ’ল । মই মুখখন ধুবলৈ বাহিৰ ওলালো, মানুহৰ সাৰ সিকটি নোহোৱা কৰিডৰটোৱে মোলৈ দাত নিকটাই থকা যেন লাগিল । টোপনিৰ জাল বুলিয়েই মই খৰধৰকৈ বেচিনলৈ গৈ মুখ হাত ধুলো আৰু নিজৰ ৰুমৰ ফালে কাড় যোৱাৰদৰে পোনাওটেই চকুত পৰিল মোৰ কাষৰ ৰুমৰপৰা ধোঁৱা ওলাই আছে । টোপনিৰ জাল ভালদৰে যোৱাই নাই বুলি ভাবি নিজকে এবাৰ দুথাপৰমান দিও চালো, নাই নহয়, সঁচাকৈ ধোৱা ওলাইছে । ৰুমটোৰ দুৱাৰ ভিতৰৰপৰা বন্ধ আছিল, সেয়ে ভালদৰে ওচৰ চাপি গৈ ভেন্টিলেটৰেদি দেখিলো, ভিতৰত ঢিমিক ঢামাককৈ পোহৰ আৰু লগতে বহুতো ধোঁৱা । মই লগে লগে নিশ্চিত হ’লো বন্ধুজন এতিয়াও শুই আছে আৰু সি গম নোপোৱাকৈয়ে ভিতৰৰ কৰবাত জুই লাগিছে । মই দুৱাৰত জোৰে জোৰে ঢকিয়াই কেইবাবাৰো তাৰ নাম মাতিলো কিন্তু মানুহৰ সাৰ সিকতিয়েই নাই, আও ইয়াৰো কম মৰ টোপনি নহয় দেই, মৰিলেহে সাৰ পাব যেন পাইছো । শেষত উপাই নাপাই লগৰ আটাই কেইজনকে মাতিলো, দুই তিনিজনে একেই চেষ্টা কৰিলে আৰু ফলো একেই পালে । মুঠতে কিবা নিজেই কৰিব লাগিব, পাহোৱাল দুজনমানে দুবাৰমান দুৱাৰত গুৰিয়াও চালে কিজানি ভাঙেই, কিন্তু আগৰ খাটি বস্তুৰ আগত আমাৰ ভেজাল খোৱা জোৰ নৰজিলে । দুৱাৰ একেভাৱেই বুকু ফিন্দাই থাকিল । শেষত এজনৰ “আইডিয়া” মতে ভেন্টিলেটৰ ধুকি পোৱাকৈ টেবুল চকী জোৰা দিয়া হ’ল আৰু বাল্টিয়ে বাল্টিয়ে ভেন্টিলেটৰেদি পানী মৰা হ’ল । দুজনমানে ফুৰ্টিতে দুৱাৰৰ তলেদিও পানী মৰা আৰম্ভ কৰিলে ।

লগে লগে ভিতৰত যেন মুখ ওন্দোলাই অহা মেঘৰ আস্ফালনহে আৰম্ভ হ’ল, জাউৰিয়ে জাউৰিয়ে চৈধ্যগোষ্ঠী উজাৰি গালি পাৰি পাৰি লগৰজন দুৱাৰ খুলি ওলাই আহিল, পিন্ধনত মাত্র অঙ্গবস্ত্র । আমি ঘটনাটো কি হ’ল বুজি পাবলৈ ভিতৰলৈ গৈ লাইট জ্বলাই দেখিলো যে এখন টেবুলত ডঃ ভূপেন হাজৰিকাদেৱৰ ছবি, সন্মুখত ৮ ডালমান মম্ আৰু লগতে পানীৰ প্রকোপত কেলঢোপ্ কেলঢোপ্  কৰি থকা দুইপেকেটমান ধূপ । ঘটনাটো আমি তেতিয়াহে বুজিলো, বেছেৰাই ইমান সময় আমাৰ সমূহীয়া অত্যাচাৰ সহিও হাজৰিকাদেৱৰ স্পিৰিট কল্ কৰি আছিল কিন্তু আমাৰ ফায়াৰ ব্রিগেডে বেছেৰাৰ সকলো পানীত পেলালে । তাৰ গালিৰ প্রতাপত আমিতো পলালোৱেই, ডঃ ভূপেন হাজৰিকাদেৱৰ আত্মা আহিছিল যদিও ইমান আনকালছাৰদ্ গালি শুনি তেৱোঁ ছাগে পলাই পত্রং দিলে ।

                                                            (এটি সত্য ঘটনাৰ আলম লৈ)

2 comments:

  1. Ha Ha.......val hoise....:) angabastra t thokajon nisshay Mr. N.Saikia da asil....:)

    ReplyDelete