"হেৰ'
মৰা, দুদিন ধৰি পেটত
ভালদৰে খূদকণ এটা পৰা নাই । আজিও এই অষ্টমীৰ দিনা খালী পেটেৰেই ৰখাম বুলি ভাৱিছ
নেকি ?
দূৰ্গা পূজাত কালীৰ মূৰ্তি ধৰিব নালাগে যদি যা কিবা এটাৰ
যোগাৰ কৰগৈ ।" সাদৰী বুলি গাওঁখনতে নাম থকা ছোৱালীজনীৰ এই ছমাহতে এনে
পৰিবৰ্ত্তন দেখি ৰজতৰ মনত বেয়া লাগে । অৱশ্যে তাৰ গাতেই ঘাই জগৰ থকা বাবে
ৰাতিপুৱাৰ এই ধৰনৰ বাক্যবোৰ সি আজিকালি ইমান গাত নলগায় ।
টালি মৰা যোৱাবছৰৰে ছাৰ্টটো গাত লগাই
সি কাষৰ পূজাথলিখনলৈ ওলাই গ'ল, কিজানি আজি কিবা এটা কাম পায়েই । একো কামতে পাৰদৰ্শিতা নথকা
তাৰ সোৰোপা মনটোৱে ইফালে সিফালে চাই থাকোতেই চকু পৰিল এজন মানুহৰ কূৰ্ত্তা এটাৰ
জেপত । ঘৈণীয়েকৰ লগত অষ্টমীৰ পূজা দিব অহা মানুহজনে দক্ষিণাৰ বাবে ৫১ টকা এটা
উলিয়াওতেই তাৰ মনটোৱে বহুতো গণনা কৰি পেলালে । সি গৈ লাহে লাহে মানুহজনৰ লগতে আঠু
ল'লে । পূজাৰ নৈবৰ্দ্যৰ বাবে ৰৈ থকা চাৰিওফালৰ ভিৰটোৰ ফালে সি
এবাৰ মূৰ দাঙি চালে, ভোক টকাৰে কিনিব
পৰা মানুহখিনিৰ মানসিক সন্তুষ্টিয়ে তাৰ মনটো আৰু দৃঢ় কৰিলে । শেষবাৰৰ বাবে মূৰ
তুলি প্রতিমাখনলৈ চালে আৰু চকু মুদি তাৰ মৰমৰ ঘৈণীয়েকজনীৰ কথা মনত পেলালে । সুযোগ
চাই সি হাতখন আগুৱাই দিলে......পূজাৰীয়ে কৈ উঠিছিল," যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সৎস্থিতাঃ........."