মই এজন নগঞা । আহোম ৰজাৰ দিনৰেপৰাই নগঞা ভোটাই ডেকাৰ
বীৰত্বই সমূহ নগাওঁবাসীৰ তেজত নতুন উত্তাপ দি আহিছে । কিন্ত্ত অতীতৰ সেই সিংহৰ আজিৰ
দিনত হোৱা শৃগাল অৱস্থাৰ বৃত্তান্ত শুনক ।
৭০০০০ টকীয়া বাইকখন দেউতাই আনি ঘৰ সুমুৱাইছেহিহে, মই এটি
পৰীক্ষণমূলক ভ্রমনৰ বাবে বাইকখন উলিয়াই নিলো । ভাৱিলো বজাৰৰ পৰাই আহো, দেউতাকো
সহায় কৰা হ’ব লগতে ঘূৰি অহাও হ’ব । বৰবজাৰৰ উৎকট ভিৰত বাইকখন লাহে লাহে আগুৱাইছোহে
মাত্র দিলেহি নহয় ৰিক্সা এখনে পিছফালৰ পৰা মাৰি । মনত উঠা খংটো মনতে দমাই
মহাপুৰুষজননো কোন বুলি পিছফালে চালো । বেছেৰা মৈমনছিঙীয়াজনে দুই ভৰি চকাত চোচোৰাইও
চেষ্টা কৰিছিল যদিও সফল ন’হল, ফলত নতুন লাইট এটা গ’ল । কি কৰো কি নকৰোকৈ চাৰিওফালে
চালো আৰু দেখিলো যে কাষৰ পথচাৰীকেইজনে মোলৈ এনেদৰে চাই আছে যেন তেওঁলোকে মোৰ
পুৰুষত্বকহে সন্দেহ কৰিছে । লগে লগে মনৰ সুপ্ত জ্বালামুখীয়ে জাগ্রত ৰূপ ল’লে,
“অ’ই,ভালকৈ চলাব নাজান যদি চলাইছ কিয় ? এক্কে চৰে............” বাকি কথাখিনি মুখতে
থাকিল । কথাটো তেতিয়াহে বিষম হ’ল আৰু সি মুখতে ধৰিলে, “কিটা কৰ্বা হা? আমাদেৰ তিন্
তিন্ মন্ত্রী আছে, তোমাদেৰ কি আছে?” বাকী শুনাৰ ধৈর্য্য আৰু ন’হল । ভিজা মেকুৰীৰ
দৰে মনতে ভাৱিলো, “দেউতাইতো কৈছেই অসমত এজনো বাংলাদেশী নাই বুলি,গতিকে তহঁতৰেই দিন
দে, পাৰিলেতো অসমখনকে যৌতুকত দি আছে তেওঁ”। মিছা ক’লে কিডাল হ’ব, “দেট ইজ অলছ’ এন
ইম্পৰটেন্ট মেটাৰ” ।
মস্তি..............................
ReplyDeleteধন্যবাদ সন্দীপ :)
Delete