Search

Saturday, 8 February 2014

জীৱন ৰাগ

দিখৌখনে বৰ আপদীয়াকৈয়ে লহিয়াইছিল
তথাপি কি জানা…………..
এন্ধাৰ সাৱটি নাওঁখনে গোটেই ৰাতি দিকচৌ বানত যুজিঁছিল,
মৰি মৰি নাওঁখন সেই সপোনৰ আশাতেই জীয়াইছিল…..
এটি নতুন পুৱাৰ আশাত……….
জীৱনটোক পুনৰাই হেপাহ পলুৱাই চোৱাৰ আশাত ।
সচাঁকৈয়ে আকাশ আকৌ ৰাঙলী হ’ল,
তুমি যে ঘাটলৈ পানী নিবলৈ আহিছিলা,সেইবাবে চাগৈ…..
মই বাৰুকৈয়ে দেখিছিলো
দিখৌখনেও তোমাৰ দুচকুৰ সেই সুতীব্র গভীৰতা দেখি লাজত শান্ত হৈছিল ।
আৰু সেই গভীৰতাই মোৰ মনটোক ক’ব নোৱাৰাকৈয়ে দিছিল
এক যাযাবৰ প্রশান্তি……………….
উস !!!! তোমাক কি বুলি বুজাওঁ………
সেই সময়তে মোৰ কেনে লাগিছিল জানা ????
যেন আকৌ খুলি ধুই পখালি জোৰা লগাম মোৰ সেই নিভৃত চন্দুকটো ।
যাৰ মামৰে ধৰা চাবিটোৰ সন্ধান পাইছিলো
তোমাৰ সেই অটল গভীৰতাৰ সীমনাত ।
মলয়াছাটিও ছাগৈ তোমাৰ চুলিটাৰিৰ বাবেই আহিছিল…..
সেয়ে তাই তোমাৰ চুলিৰ ভাঁজে ভাঁজেই দেও দি নাচিছিল ।
লগতে আকৰীজনীয়ে ক’ব নোৱাৰাকৈয়ে কপাই গৈছিল
মোৰ ভাগৰুৱা পালখন ।
জীৱন ৰাগে আকৌ সুৰ বিছাৰি পাইছে
তোমাৰ দুচকুৰ মোহন বীণাৰ মূৰ্চ্ছনাত….
মনটোৱে লাহে লাহে কৈ উঠিছে…
তোমাৰ আচঁলৰ চৈতে এখন্তেক জিৰাওঁ…….

দিখৌৰ অনিশ্চয়তা এতিয়াও যে বহুত বাকী !!!!!!


বেদব্রত(০৮/০২/১৪)

Friday, 6 December 2013

নাঙঠ শিল্প

নঙঠা শিলচটাত চকুপানীৰ ফোঁট !!!!!!!!!!!
সি এটি নিৰ্লোভ ভাস্কৰ্য্য হোৱাৰ পথত......
তথাপি???????
চাগৈ শিলাকূটীৰ ওপৰত অভিমান,
নতুবা নতুন যাত্রাৰ আগলি বতৰা ..........
সহজ নাছিল সেই পথ, কাৰোবাবেই.......
কিন্তু.........
হাজাৰ মৰমৰ চকুপানীৰে ধুওৱা শিল্পসত্বাটো
এতিয়া সকলোৰে বাবেই আমৃত্যু জীৱন !!!!!!!!!!!!!!
সেয়ে........
ধন্য সেই শিল্পী ।।।।।।।।।।।।।।।।।।।।।।।।।।।।


বেদব্রত(//১৩)

“শৈশৱৰ পথাৰখনিৰ দুখ”

তেতিয়া নকৈ গজা সেউজীয়াখিনিয়ে কলমলাইছিল
স্বপ্নভঙ্গ ৰোৱনি আৰু
থৰকাছুটিত হোলোঙা সৰিছিল ,
পূবত পুৱাৰ পখীজনীৰ যোজা……
এটি নতুন দিন
আৰু…………………….
পথাৰৰ নতুন সতেজ আত্মীয়তাৰ আৱাহন
নাঙল-যুৱলিৰে ভাৰী কান্ধখনত লাহে লাহে মণিগুটি বিৰিঙে,
গুৰ-পিঠাগুৰি সামৰা হাচতিখনে সেই মণিৰে
মৰমৰ মালা এধাৰি গাঠে
লাহে লাহে………………
সেউজীয়াৰ আচঁলত সোণোৱালী বুটা বছাৰ সম্ভাৰ,
এয়াযে আঘোণমহীয়া ডাঙৰি অনা বিৰিয়াৰ বতৰ
-যৌৱনপ্রাপ্ত পথাৰখনত জীৱনৰ জয়গান,
বাহৰ খবুৱাত জিৰণি লৈ থকা কাচিঁখনৰো
চেৰেং চেৰেংকৈ মনত পৰে………….
সোণালী থোকৰ মণি মুকুতাৰ চিকমিকণি
লমাৰী, ডিলামাৰিৰ আপোন ফলীয়া তুঁহ,গুড়ি তুঁহ,
বিচ্ছেদৰ তাড়ণাত বিৰহী প্রেমিক……………….
মলখু চাউল, মলঙা চাউল, ভেকুঁৰা চাউল
এতিয়া পথাৰখনিয়ে সেই শৈশৱৰ মিঠা স্মৃতি বুকুত বান্ধি শোৱে,
আজিকালি দুখৰ লোতকৰ শেওঁতাত……..
তাহানিৰ নিজনি পানী বয়




বেদব্রত(০৫/১২/১৩)

Tuesday, 19 November 2013

"শচীন...শচীন..."(এটি মহান জীৱনলৈ শ্রদ্ধাঞ্জলি)

২০১২ চনৰ শ্বাৰজাহ কাপৰ ছেমিফাইনেল খেল । ভাৰত বনাম পাকিস্তান । নতুনকৈ দলত স্থান পোৱা মই গোটেই শৃংখলাটোতে কেইটিমান অবিষ্মৰণীয় ইনিংছ খেলি ধূলিৰ দেশত সৰু সুৰা এটি ধুমুহাৰেই সৃষ্টি কৰিছিলো । আজিও এই স্নায়ুযুদ্ধত নতুন বিস্ময় মোৰ শৰীৰৰ বেৰোমিটাৰে কাম কৰা বাদ দি দিছে, তথাপিও এটাই সাহস মোৰ লগত অপেনিং যুটিত আহিছে সৰ্বকালৰ সৰ্বশ্রেষ্ঠ বেটছমেন শচীন তেণ্ডুলকাৰ ।
প্রথমেই বেটিং কৰাৰ সিদ্ধান্ত লৈ দুয়োয়ে যথেষ্ট মুকলিভাৱেই পাকিস্তানৰ ভয়াবহ পেচ বেটাৰীৰ সন্মুখীন কৰি আছো । শচীনৰ লগত খেলাৰ আত্মবিশ্বাসে মোৰ ডেকা তেজত নতুন পিৰপিৰণি তুলিলে, চাওতে চাওতেই দৃষ্টিনন্দন কভাৰ ড্রাইভ, পূল,কাটৰ সমাহাৰেৰে মই নব্বৈৰ ঘৰ পালো । তেনেতে বলিং কৰিবলৈ আহিল বিশ্বৰ বেগী বলাৰ বুলি জনাজাত ছোৱেইব আখটাৰ ।
 
প্রথম বল......এটি শ্বৰ্ট বল আৰু এটি পূল শ্বটেৰে ছিক্সাৰ.......
দ্বিতীয় বল......পইন্টত দুই ৰান পালো.........মই এতিয়া ৭৩ বলত ৯৮ ৰান কৰি আছো ।
তৃতীয় বল......আঘাতপ্রাপ্ত সিংহৰ দৰে গুজৰি অহা আখটাৰৰ এই শ্বৰ্ট বলে হেলমেটৰ মাজেদিয়েই মোৰ গালত আঘাত কৰিলে ।সকলোফালে কাহ পৰি জীণ যোৱা অৱস্থা, মই গালখনত কিমান আঘাত পালো বুলি হেলমেট খোলোতেই আকৌ গালখন ফৰফৰাই গ'ল ।.......ভালদৰে চকু খুলি দেখিলো সন্মুখত মা, দেউতা,ভাইটিহঁত আৰু মই বিছনাত থিয় দি আছো । মোৰ মুখখন খোল খালে, "শচীন ছাৰ ক'??? " দেউতাই উত্তৰ দিলে," হেৰ' বোপাই,শচীনে অৱসৰ ল'লে । এতিয়া তয়ো স্বইচ্ছাই অৱসৰ ল । কাইলৈ পৰীক্ষা আছে ।"
 
মই তেতিয়াহে সম্বিত ঘূৰাই পালো, ছে: । মই বোলে ভাইটিহঁতৰ গালতেই কভাৰ ড্রাইভ আৰু ভৰি গছকি গছকি পিটছৰ আওভাও লৈছিলো । শুবলৈ লৈ ভাবিলো, “শচীন তুমি সচাঁকৈয়ে মহান । মই এখন খেলতেই ইমান বেয়াকৈ ৰিটায়াৰ্ড হাৰ্ট আৰু তুমি যোৱা ২৪ বছৰ ধৰি………………….”

Wednesday, 30 October 2013

"ঘৃতাহুতি"(এক মিনিটৰ গল্প)

"হেৰ' মৰা, দুদিন ধৰি পেটত ভালদৰে খূদকণ এটা পৰা নাই । আজিও এই অষ্টমীৰ দিনা খালী পেটেৰেই ৰখাম বুলি ভাৱিছ নেকি ? দূৰ্গা পূজাত কালীৰ মূৰ্তি ধৰিব নালাগে যদি যা কিবা এটাৰ যোগাৰ কৰগৈ ।" সাদৰী বুলি গাওঁখনতে নাম থকা ছোৱালীজনীৰ এই ছমাহতে এনে পৰিবৰ্ত্তন দেখি ৰজতৰ মনত বেয়া লাগে । অৱশ্যে তাৰ গাতেই ঘাই জগৰ থকা বাবে ৰাতিপুৱাৰ এই ধৰনৰ বাক্যবোৰ সি আজিকালি ইমান গাত নলগায় ।
          টালি মৰা যোৱাবছৰৰে ছাৰ্টটো গাত লগাই সি কাষৰ পূজাথলিখনলৈ ওলাই গ', কিজানি আজি কিবা এটা কাম পায়েই । একো কামতে পাৰদৰ্শিতা নথকা তাৰ সোৰোপা মনটোৱে ইফালে সিফালে চাই থাকোতেই চকু পৰিল এজন মানুহৰ কূৰ্ত্তা এটাৰ জেপত । ঘৈণীয়েকৰ লগত অষ্টমীৰ পূজা দিব অহা মানুহজনে দক্ষিণাৰ বাবে ৫১ টকা এটা উলিয়াওতেই তাৰ মনটোৱে বহুতো গণনা কৰি পেলালে । সি গৈ লাহে লাহে মানুহজনৰ লগতে আঠু ল'লে । পূজাৰ নৈবৰ্দ্যৰ বাবে ৰৈ থকা চাৰিওফালৰ ভিৰটোৰ ফালে সি এবাৰ মূৰ দাঙি চালে, ভোক টকাৰে কিনিব পৰা মানুহখিনিৰ মানসিক সন্তুষ্টিয়ে তাৰ মনটো আৰু দৃঢ় কৰিলে । শেষবাৰৰ বাবে মূৰ তুলি প্রতিমাখনলৈ চালে আৰু চকু মুদি তাৰ মৰমৰ ঘৈণীয়েকজনীৰ কথা মনত পেলালে । সুযোগ চাই সি হাতখন আগুৱাই দিলে......পূজাৰীয়ে কৈ উঠিছিল," যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সৎস্থিতাঃ........."




সপোন পজাঁ

নিঃকিন শেতেলিখনৰ খৰমৰনিত
এতি অন্তহীন ৰাতিৰ উচুপনি.............
বাহিৰত সন্তানসম্ভৱা ছাগলীজনীৰ চিঞঁৰ,
উস, নোৱাৰি আৰু...........
চাওঁ এপাক উঠি যাওঁ............
কিন্তু এয়া কি ?????????
চেচাঁ ক'লা সাপডালৰ বান্ধোনত দেখোন
 
লাহে লাহে শৰীৰৰ জড়তা বাঢ়িছে ......
জীয়াইটো থাকিবই লাগিব,
এটাই আশা.....................
আহিব অনামী বৰদৈছিলাজাক..........
ভাঙিব মোৰ সপোন পজাঁ !!!!!!!!!!!!!!!!!



বেদব্রত(২৫/০৭/১৩) 

Wednesday, 31 July 2013

ৱেষ্টাৰ্ণ টয়লেট (Western Toilet)

মানুহৰ স্বাস্থ্যৰক্ষাৰ এক অন্যতম সজুঁলি হ’ল এটি পৰিস্কাৰ পৰিচ্ছন্ন টয়লেট । আমি ভাৰতীয়ই অৱশ্যে টয়লেট বুলি ক’লে সেই তিনি খন্ডত বিভক্ত “ইন্দিয়ান টয়লেট”কেই বুজো । কিন্তু  অধিকাংশই এতিয়াও কামফেৰাৰ বাবে জাৰণি বা বাহনিৰ তললৈ যোৱাৰ আমেজকণ এৰিব পৰা নাই । সেয়ে এতিয়াও স্বাস্থ্য বিভাগৰ “১২০০ টকীয়া চেনিটাৰী লেট্রিন” এতিয়াও ফোচঁ ফোচাঁই থকা ঢোৰাসাপেই হৈ আছে আৰু সেই সাপৰ বিষ নাই বুলি জানি অধিকাংশই বৃদ্ধাগুষ্ঠ দেখুৱাই আমেজকণ লৈয়েই আছে ।

আমেজ বুলি কোৱাৰো কাৰণ এটা আছে- যেতিয়া সেইফেৰা লাগে তেতিয়া সকলো মানুহৰে বাকী সকলো ৰিপু, সকলো বৈষয়িক সুখেই অসাৰ যেন লাগে । অলপ বেছি হ’লেতো বাকী সুখবোৰৰ প্রতি অসন্তুষ্টি মুখখনত প্রকাশ্যেই ওলাই পৰে । আৰু লাজ বোলা বস্তুটোও ক’ৰবালৈ ঢাপলি মাৰে । মই এবাৰ আমাৰেই দূৰ সম্পৰ্কীয় মানুহ এঘৰলৈ এসপ্তাহ মানৰ বাবে থাকিব গৈছিলো । ছমহীয়া পৰীক্ষাৰ পিছৰ ছুটি আৰু গাৱঁৰ নৈসৰ্গিক দৃশ্যই মনতো কহুৱা তুলাৰ দৰে উৰুৱাই আছিল যদিও সেই নিৰ্দিষ্ট কামফেৰাৰ সময়ত মনতো সন্ত্রাসিত হৈ উঠিল । ঘৰত “ইন্দিয়ান টয়লেটতেই” সৰুৰ পৰা অভ্যস্ত বাবে ৰাতিপুৱা যেতিয়া হাতে হাতে মুখ কটা গিলানত পানী লৈ বাহনি বা জাৰনিৰ ফালে শোভাযাত্রা কৰা দেখিলো তেতিয়া ভয়তে প্রমাদ গণিলো । কিন্তু উপাইটো নাই, মোৰ সমবয়সীয়া সম্পৰ্কীয় ল’ৰাটোৱে যেতিয়া হাতত দুটা গিলান লৈ মোক ক’লে, “সোনকালে ব’লা, নহলে ভাল জাগা নাপাম” ; মই তেনে পৰিবেশতনো কি ভাল হ’ব পাৰে সেইটো বুজি নাপালো যদিও পিছফালৰ ভৰ আৰু সেই সন্ত্রাসিত সময়ে মোক মন্ত্রমুগ্ধৰ দৰে ওচৰৰ বাহনি খনৰ ফালে কুকুৰ দৌৰ মৰোৱালে । সেই এসপ্তাহৰ পিছত কামফেৰা কৰাৰ পিছৰ আমেজতকৈ সেই ৰাতিপুৱাৰ স্থান দখলৰ যুদ্ধ, মুক্ত আকাশৰ খোলা বতাহে কঢ়িয়াই অনা কিছুমান অবাঞ্ছনীয় শব্দ আৰু গোন্ধ, লগতে মহ আৰু ডাহঁৰ নিষিদ্ধ ঠাইত দিয়া মৰমৰ চুমাবোৰ এতিয়া এটা “তিতা” আমেজ হৈ মনত আছে ।

কেইবছৰমান আগতে ঘৰলৈ ৱেষ্টাৰ্ণ টয়লেট (Western Toilet) বা কমোড আহিল । মই এই নতুন সদস্যৰ লগত সহজ হ’ব পৰা নাছিলো আৰু অ’ল্ড ইজ গ’ল্ড বুলি পুৰনা লগৰীকে সাৱটি আছিলো । এবাৰ ঘৰত ভোজ এটা হৈছিল । কামফেৰাৰ বাবে “ইন্দিয়ান টয়লেট” বাহিৰত আছিল বাবে মাইকী মানুহবোৰক মায়ে ভিতৰৰ কমোডটোকে ব্যৱহাৰ কৰিব দিছিল । এবাৰ বোলে এগৰাকী আহি মাক গোচৰ দিলেহি, “হেৰা এইটো ইমান ওপৰত কিয় বনালাহে ? যিহে ওখ আৰু ভৰি দিবলৈও জাগা নাই, যেনে তেনে কাষৰ বেৰখনত ধৰিহে শান্তি পাইছো” । পিছত বুঢ়া মানুহৰ দাতঁৰ দৰে লৰি থকা কমোডটো দেখি মনতে ভাৱিছিলো, “হায়ৰে ৱেষ্টাৰ্ণ টয়লেট !!!! কিছুমান ক্ষেত্রত মানুহে সুবিধাতকৈ আমেজৰ কথাতহে বেছি গুৰুত্ব দিয়ে” ।


বেদব্রত(৩১/০৭/১৩)