Search

Tuesday, 28 May 2013

অতিন্দ্রীয়

সপোন পৰী দেখিছা
কোৱা বাৰু তাই গোলাপী কল্পনা...
কল্পনাৰ ভেটিয়েইটো বাস্তৱ ।
নহয় জানো সদায় দেখা খৰিকাজাই ?
জোনাকী পোহৰৰ শুভ্র পদ্ম,
সেয়া জানো কল্পনা ?
আচলতে কি জানা.....
সেই সপোন পখীটোৰো নিজা বুলিবলৈ
ময়েই আছো ।
সেয়ে সিও অবিৰাম উৰে
হেলেন, এফ্রোদাইটিৰ ফালে নহয়..........
সেই কাচিঁয়লী পোহৰৰ নিয়ৰসিক্ত
হাচনাহানাৰ ওচৰলৈ ।
এতিয়া সেই সুবাস
সঞ্জিৱনী সূধা.......
সেই পৰশ আমৃত্যু কাম্য,
বিমূৰ্ত নিশাৰ প্রত্যেক
মৌনতাৰে বিধৌত ক্ষণত
শুনো মাথো তোমাৰেই কলৰৱ........
নব’হাগৰ প্রতিটো ৰঙচুৱাই
চিঞঁৰি চিঞঁৰি সাক্ষী দিব..........
মই সপোন পৰী দেখিছো ।

বেদব্রত
২৯/০৫/২০১৩

প্রাণতৃষ্ণা

অপৰূপা
তুমি মৃগনয়না
সেই সাগৰনীল দুচকুত জাগে
ৰহস্যৰ অতিন্দ্রীয় ৰহঘৰা ।

অপৰূপা
তুমি স্মিতহাসিনী
সেই হাহিঁৰ নিৰ্যাসত
উদ্ভাসিত মোৰ মন বনহংসিনী ।

অপৰূপা
তোমাৰ খোজৰ লাস্যময়িতাই
ছন্দোবদ্ধ কৰে মোৰ
ভাৱোচ্ছাহৰ সকলো বাতুলতা ।
তুমি মোৰ জীৱন মৰুৰ
অন্তহীন প্রাণতৃষ্ণা ।


বেদব্রত

ৰিক্ত

এখনি উকা কাগজ
ভাৱেৰে পূৰ্ণ,
কিন্তু থাকি হ’ল লিখাৰ অৱকাশ ।
সেই ভাৱৰ কৰণিত
এপাহি এপাহিকৈ ৰঙা গোলাপ বোটলোতেই দেখোন
আহৰি নাপালো
মুৰ তুলি চাবলৈ,
কেতিয়া উদ্ভাসিত হৈছিল সোনবৰণীয়া বেলিৰে
তেজোদ্দীপ্ত আকাশ ।
আজি সেই কৰণি দোকোলটকা বানেৰে সিক্ত
সেই বানে উটুৱালে সকলো গোলাপ,
আজি মোৰ হৃদয় ৰিক্ত................


বেদব্রত

উজাগৰী নিশা

মনত নতুনকৈ ফুলা গোলাপপাহিক
এটি উজাগৰী নিশাৰ অতি প্রয়োজন
কাইঁটীয়া স্বপ্নই
ক্ষতবিক্ষত কৰা ৰাঙলীখিনিক
নতুন সম্ভাৱনীয়তাই নিকা কৰিবলৈ ,
ধূসৰ হোৱা দুচকুত
অলেখ তৰাৰ জিলমিল সপোন সিচিবলৈ
এটি উজাগৰী নিশাৰ অতি প্রয়োজন
স্নিগ্ধ জোনাকত তৰাৰ লুকাভাকু,
নতুন নিস্তব্ধত
জান জুৰিৰ কলৰৱ,
দূৰৈত আজন্ম চিনাকী পখীটোৰ
সূমধুৰ কাকলি,
সকলোকেই সাৱটি শোৱা এটি বিমূৰ্ত্ত নিশা
তেনে এটি স্বপ্নৰ বাবেও
এটি উজাগৰী নিশাৰ অতি প্রয়োজন



বেদব্রত

Sunday, 26 May 2013

“হাতীয়ে পাদে ফু ফু”


নহয়,নহয়….. শিৰোনামাৰ বিষয়বস্তুৰ ওপৰত লিখনি নহয় এইটো, আচলতে “হেপ্পী বাৰ্থডে টু য়ু”ৰহে খাটি গাৱঁলীয়া সংকলন এইটো । আৰু এই লিখাটোও আমাৰ অসমীয়াৰ জন্মদিন উদযাপনৰ নতুন “ইস্টাইল”ৰ ওপৰত এটি মাত্র নিৰ্বোধ আলোকপাতহে ।

আগৰ দিনত জ্ন্ম হোৱাৰ সময়ত ল’ৰা বা ছোৱালী অনুসাৰে সমগ্র অসমতে মাছ, মিঠাই, জালাবটা বা অন্যান্য সামগ্রী ওচৰ চুবুৰীয়াক বিলালেও পিছৰ জন্মদিনবোৰ সাধাৰনতে নামঘৰত শৰাই, চাকি-বন্তি, প্রসাদ দিয়েই সেই দিনটোৰ শুভেচ্ছা জনোৱা হৈছিল । লাহে লাহে সমাজ সলনি হ’ল, সময়ো সলনি হ’ল । “অতিকৈ চেনেহৰ মুগাৰে মহুৰা……”ৰ গছৰ তলৰ ঠাই “হেপ্পী নিউ ইয়েৰ”ৰ দিস্ক’, নাইট ক্লাবে ল’লে । সেয়ে অসমীয়া জন্মদিনেও মনে মনে অলপ “আউটদেটেদ ফিল্” কৰিবলৈ আৰম্ভ কৰিলে । “ছেন্জ ইজ দা ছ্পাইচ্ অফ লাইফ্” । লগতে অসমীয়াই স্বাধীন অসমৰ তিতা- কেহা খাই খাই সেই খাৰ খোৱা জিভাখনত মাহ-প্রসাদৰ সোৱাদো নোপোৱা হ’ল, সেয়ে আমদানি ঘটিল নিত্য নতুন ৰকমৰ কেক্, বেলুন, পেপাঁ, বাৰ্থডে কেপ্, “হাতীয়ে পাদে ফু ফু” আদিৰ….লগতে সদাফুল্ল মহন্ত ডাঙৰীয়াৰ “ফূৰ্টিপানী”ৰ কথা ন’কলোৱেইবা ।

অৱশ্যে আমি অধমেও ঘৰৰ পৰা আতৰত থাকি থাকি গুৰু-গোঁসাই বাদ নিদিলেও জন্মদিনবোৰৰ ক্ষেত্রত শিৰোনামাৰ “ইস্টাইল” ভাগিতেই লাহে লাহে গাৰুৰ গিলিপ খোৱাদি খাপ খাই পৰিছো । কেইদিনমান আগতে এজন দাদাৰ জন্মদিন আছিল আৰু তেওঁ ৰাতিৰ ভাতসাজৰ বাবে আমাক নিমন্ত্রণ জনালে । খাবলৈ নোপোৱাৰ নিচিনা যাতে নালাগে তাৰবাবে সন্দীপ আৰু মই এটি গিফ্ট আৰু এটি কেক্ লৈ দাদাৰ ৰুমলৈ কালসন্ধিয়া নৌভাগোতেই গ’লো, মনতে ভাৱ কিজানি ভাতৰ বাহিৰে আৰু “কিবা” থাকেই । কিন্তু গৈ পাই আমি নিজেই “ছাৰপ্রাইজ” পালো, দাদাই ৰেস্টুৰেন্টত লগৰ দুজনমানক পাৰ্টি দি আছে, সেয়ে আহোতে পলম হ’ব । উপাই নাই, দাদাৰপৰা ৰুমৰ চাবিৰ ঠিকনা লৈ “কমেডি চাৰ্কাছ” চোৱাত লাগিলো, যাতে নিজৰ ট্রেজেদী পাহৰিব পাৰো । এঘন্টাৰ মুৰত দাদা আহিল,লগতে আৰু দুজনমান চিনাকী দাদা । প্রথামতেই আগতীয়াকৈ জ্বলাই থোৱা মমেৰে সৈতে সুসজ্জিত কেক্ নিৰ্দয়ভাবে কাটিব দিয়া হ’ল । দাদাইও কেক্ কাটি দুদোখৰমান আনক খুৱাই নিজে খাব লৈছিলহে, তেনেকুৱাতে কেকৰ ওপৰৰ ক্রীমখিনি এজন দাদাই হাতত লৈ “বাৰ্থডে বয়”ৰ মুখত গোবৰেৰে পিৰালী মোচাৰদৰে লিপিব ধৰিলে । ঘটনাটোত আমিও খুব ফূৰ্টি পালো, সকলোৱে খোৱা বাদ দি কেকটোৰে ইটোৱে সিটোৰ মুখকেইখনৰ শালমইনা ভঙাত লাগি গ’লো । সেই বান্দৰামি শেষ হোৱাৰ পিছত যেতিয়া মুখ ধুব গ’লো, লেঠা তেতিয়াহে আৰম্ভ হ’ল ।

                             
কেকৰ কোৱালিটী ইমান ভাল নাছিল ছাগে, সেই ক্রীমে আমাৰ মুখত ম’হৰ এঠা দৈৰ দৰে লাগি ধৰিলে । ধুই ধুই তৰণি নোপোৱা হ’লো, “ফেচৱাছে”ও মুখ মেলি দিলে, “হেন্দৱাছে”ও হাত দাঙি দিলে । মুঠতে গাধোৱাঘৰত আৰু কাপোৰ ধোৱা চাবোনহে বাকী ৰ’ল । সকলোৰে মুখৰপৰা ঘৰৰ ভিতৰতে লাইটৰ পোহৰত অজস্র তৰাই চিকমিকাব ধৰিলে,মুঠতে সকলোৰে অৱস্থা চাবলগীয়া । নিজৰ অৱস্থা বেয়া হ’লেও মনটোত কিবা এটা দোষভাৱ লাগিব ধৰিলে, যিয়েই নহওক কেকটো আমিয়ে আনিছিলো । হঠাতেই মোৰ দুষ্টবুদ্ধি খেলোৱাত ক’লো, “হ’ব দিয়ক, এনেও ল’ৰাৰেই গাল, বছৰ বছৰ ধৰিটো ছালখনে ক্রীম,লোচনৰ নাম গোন্ধই নুশুনে । ভালেই হ’ল, সকলোৱে আফগান স্ন’ ঘহিঁলো বুলি ধৰি ল’লেই হ’ল” । লগে লগে গোটেই কেইজনৰ দাতঁৰ ফাকেৰে কেইবাটাও জিলাপী হাহিঁ ওলাই আহিল ।

Thursday, 23 May 2013

তিতাকেৰেলা


কলেজীয়া দিনৰ পঢ়া চেহেৰাটোৰ অলপ উন্নতি ঘটাও বুলিয়েই ৰাতিপুৱাৰ সাজটো আজিকালি কৰ্ণফ্লেক্স, গাখীৰ আদিৰে আৰম্ভ কৰি দেহচৰ্চ্চাৰ নামত দুই এটা পুছ আপো কৰিবলৈ লৈছিলো । কৈছোহে পুছ-আপ বুলি, দুবাৰমান পুছ কৰিলেই আপ হ’বলৈ হাত-ভৰিছোন থৰহৰি কম্পমান হোৱা হ’ল । সেয়ে দেহচৰ্চ্চাৰ বাবে এতিয়া কেৱল খোৱাতেই ধাউতি মেলিছো, দিনটোত বাকী কাম হওঁক নহওঁক খানা কিন্তু ঠিকমতে পেটত পৰিছেনে নাই তাৰ পূৰা ধ্যান ৰখা হৈছো । ভেটিটো এতিয়াই গজগজীয়া কৰি ল’লে তাৰ ওপৰত পিছে পৰেও যেইমহলা মন যাই দালান সাজি থাকিম ।

সেইদিনা লগৰ এজনৰ লগত সন্ধিয়া সময়ত চাওমিন্ খাবৰ বাবে ওলাই গ’লো । চাওমিন্, মম’ৰ লগত চিনাকী হোৱাৰ দিন ধৰি আজিলৈকে সিহঁতৰ লগত “নাইন্ছাফি” কৰা নাই, সময় সুবিধা আৰু মন তিনিওটা মিলিলেই “য’তে মিলাইব হৰি” ত’লৈকে যাওঁ । সেইদিনাও চাউমিনৰ অৰ্ডাৰ দি দোকানখনৰ বাহিৰত পাৰি থোৱা টেবুলকেইখনত বহিলোগৈ, উদ্দেশ্য এটাই সন্ধিয়াৰ মানুহৰ আও হাৱা আৰু লগতে মানুহকো চোৱা । অৱশ্যে পিছৰটোৰ ক্ষেত্রত কেৱল মানুহ বুলি ক’লে ভুল কোৱা হ’ব । বহি থাকোতেই আমাৰ সন্মুখৰ শাক পাচলিৰ দোকানখনত এজন মানুহ বজাৰ কৰিব আহিল । মানুহজন চিনাকী যেন লগাত ভালকৈ চাই দেখিলো আমাৰ এইছিৰে পাছ আউট দাদা, অ’ এন জি ছিত কৰে । ভাবিলো এনেই থকা সময়খিনি দাদাৰ আলেখ লেখেই চোৱা যাওঁক । তেনেকুৱাতে মোৰ লগৰজনে সুধিলে, “দাদাই বিয়া পাতিলে নেকি”?

“এই বয়সতে ক’ত বিয়া পাতিব? কিয় সুধিলানো”? মই ক’লো ।

“নহয় মানে, কোন বেচ্ছেলৰে তিতা কেৰেলা খাইহে? মই তিতা কেৰেলা কিনি থকা দেখি সুধিলো”, লগৰজনৰ সপ্রতিভ উত্তৰ । মোৰ সেই বিষয়টোত ইমান জ্ঞান নাই আৰু লগৰজনৰ উত্তৰৰ আত্মবিশ্বাস দেখি মইও মনতে কথাতো হয় চাগে বুলি তাক অলপ জোকোৱাৰ ভঙ্গীত ক’লো, “তুমিওতো বিয়া পতাৰ পিছত তিতাকেৰেলাই খুৱাবা?” লগৰজনে উত্তৰ দিলে, “তুমি আকৌ বিয়াৰ পিছত ক’ৰপৰা টপকিবাহে? মোৰ তিৰী, মোৰ তিতাকেৰেলা” । উত্তৰ শুনি মই অলপ বিবুদ্ধিতহে পৰিলো, লগৰজনে তিতাকেৰেলাৰ লগত ৰিজালে কাক,বিয়া নে ঘৈনীক? কথাটোতকৈ মোৰ বেলেগ এটা কথাভাবিহে ভাল লাগিল, আই অসমীৰ কোলাত “দিল্লী কা লাড্ডুৰ” ঠাইত নতুন এটা উপমাৰ সংযোজন হ’ল । 

Wednesday, 22 May 2013

হিৰণ্ময়ৰ ঘৰ


ৰাতিপুৱাৰ পৰাই চিপ্ চিপ্ বৰষুণ । চকু মেলিয়েই মনতো বিৰাট বেয়া লাগিল, কিয়নো আজি হিৰণ্ময়ৰ ঘৰলৈ যোৱাৰ কথা । চেঃ আজি চাগে যোৱাই ন’হব । কিন্তু মৰহি যোৱা মনটোত নতুন হেঁপাহ যোগাই ১০ বজাত হিৰণ্ময়ৰ ফোন আহিল, “হেল্ল’, বেদ মই টাউন আহি পালো । তোমালোক ওলাই আহা” । মনটো ফাগুনৰ মলয়াছাটিত কহুৱা তুলা উৰাদি উৰি গ’ল । লগে লগে গাটো তিয়াই সন্দীপ আৰু মই সেই কিনকিনীয়া বৰষুণৰ আমেজ উপভোগ কৰি হিৰণ্ময়ৰ লগত যাত্রা কৰিলো নামতি অভিমুখে ।

এপাচি শাকত এটি জলকীয়া সদৃশ বন্ধ দিনকেইটাত সন্দীপ আৰু মই খাপ পিটি বহি থাকো কাৰোবাৰ ঘৰলৈ কিজানি মাতেই, নতুন ঠাই চোৱা হ’ব লগতে ভাতকেইটাও মোকলোৱা হ’ব । অৱশ্যে আমাক দোষ দি লাভ নাই, সকলো বেচ্ছেলৰেই চাগে জানে অন্ন ভাগীৰ লগত থকা আনুষংগিক কষ্টখিনিৰ কথা ।

এঘন্টা টেম্প’ৰ ঠেকেচনি আৰু এমাইলমান বাট খোজ কঢ়াৰ পিছত নামতিৰ সেই নিৰ্দিষ্ট ঘৰটোত প্রৱেশ কৰিলো, হিৰণ্ময়ৰ ঘৰ । সোমায়েই খুৰা খুৰী, ভাইটিদুজনৰ আতিথ্যৰ উমাল পৰশে আমাক পাহৰাই পেলালে আমি যে সেই ঘৰৰ সদস্য নহয় । হিৰণ্ময়ৰ নতুন মক্টেইল,চানা,মিঠাই,চাহ উদৰস্থ কৰি কৰি “কচুগুটি” চোৱাত লাগিলো । সেই সময়ৰ জোৱাৰত বহু হাহিঁ, বহু স্মৃতিয়েই উটি ভাহিঁ গ’ল । শেষত খুৰীৰ হাতৰ হাহঁৰ মাংস,গাহৰিৰ চাটনী, জিকাৰ বাকলি, কাচ কলৰ বাকলিৰ চাটনীৰে কেইবাদিনো খাব লগা নোহোৱাকৈ খালো । সম্পূৰ্ণ এটা বেলা কেনেকৈ গ’ল গমেই নাপালো । ৫ বজাত হিৰণ্ময়ৰ ঘৰৰ সকলোকে মাত লগাই নামতিৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰি টেম্প’ত উঠিলোহি, মাত্র বুকুত হেন্দোলনি লগাই থাকিল কিছু মিঠা লগা স্মৃতিয়ে ।



Tuesday, 21 May 2013

খেলিমেলি


এগৰাকী আদবয়সীয়া মানুহ এটি দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত লগে লগে তেওঁক হস্পিতালত ভৰ্ত্তি কৰোৱা সমাজৰ লেখত বলগীয়া আৰু আৰ্থিকভাৱে টনকিয়াল হোৱা বাবে ডাক্তৰ আৰু নাৰ্ছৰো তেওঁক লৈ যুদ্ধকালীন প্রস্তুতি চলিল ঘটনাৰ খবৰ পাই হস্পিতালৰ চৌহদো গুণমুগ্ধ লোকেৰে ভৰি পৰিল, সকলোৱে তেওঁৰ আশুআৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্রাৰ্থনা জনালে

আচলতে মানুহগৰাকীৰ চাউল উকলিছিল যদিও সকলো মানুহৰ তেওঁৰ প্রতি থকা মৰম আৰু শ্রদ্ধা দেখি ভগৱানৰো প্রস্তৰ হৃদয় কুমলিল আৰু ভাৱিলে, “সমাজৰ বাবেই তেওঁক আৰু কেইবছৰমান জীয়াই থাকিব দিয়া হওঁক কথা মতেই কাম, মৰো মৰো অৱস্থাত থকা মানুহগৰাকীৰ সপোনত ভগৱান আৰ্বিভাৱ ভগৱানক দেখাৰ লগে লগেই মানুহগৰাকীয়ে সাস্তাংগে প্রণিপাত কৰি প্রথমেইকিমতে ভকতি কৰিবো তোমাক হৰি হে……”ঘোষাইদি আৰম্ভ কৰি শেষত সুধিলে, “মোৰ তোমাৰ ওচৰ যাবৰ সময় নেকি ভগৱান?” ভগৱানে আগতেডিছাইদ্কৰি লোৱা মতেই লে, “নাই বৎস, তুমি আৰু ত্রিশ বছৰ এশ এদিন জীয়াই থাকিবাআৰু ভগৱান অৰ্ন্তধান সময়ত মানুহগৰাকীও আৰোগ্য , সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে মানুহগৰাকীয়ে ভাৱিলে, “স্বয়ং HOD পৰাই ইমান বছৰৰ লাইচেন্ছ পালো যেতিয়া অলপ ধুনীয়া হৈ লোৱাই ভাল তেওঁ লগে লগেই দেশৰ সকলোতকৈ ভাল বিউটিচিয়ান লগাই চকু,নাক,ওঁঠ আদি বিভিন্ন কমনীয় অঙ্গসমূহ ছাৰ্জাৰী কৰাই দেখাত ষোড়শী যুৱতী হৈ পৰিল কিন্তু তেওঁ বিউটিচিয়ানৰ চেম্বাৰৰ পৰা ওলাই নিজৰ গাড়ীৰ ফালে আগবাঢ়োতেই এখন ট্রাকৰ আগত পৰি মৃত্যু ঘটিল

ভগৱানৰ ওচৰ পাই তেওঁ খঙেৰে শুধিলে, “তুমিও মিছা কথা কোৱানে ভগৱান? মোক ইমান বছৰ জীয়াই থকাৰ আশা দেখুৱাই এতিয়াই লৈ আনিলা যে? সেইবুলি জনা লেচোন মই ইমান টকা পানীত নেপেলালোহেতেন ভগৱানে উত্তৰ দিলে, “তুমি নিজকে এবাৰ লক্ষ্মীৰ গডৰেজ মিৰৰখনত চাই আহা চোন সেইদিনা এৰি থৈ অহা পঞ্চাছ বছৰীয়া বুঢ়ীজনী যে ইমান কম সময়তে কেটৰীণা কাইফজনী হৈ পৰিবা কোনে জানে? মই তোমাক চিনিবই নোৱাৰিলো ভুল হৈ দিয়া, এতিয়া পাৰা যদি আমাৰ এখেতকে বিউটী টিপচ্ অলপ দিবাচোন   (আলম লৈ)