কলেজীয়া
দিনৰ পঢ়া চেহেৰাটোৰ অলপ উন্নতি ঘটাও বুলিয়েই ৰাতিপুৱাৰ সাজটো আজিকালি কৰ্ণফ্লেক্স,
গাখীৰ আদিৰে আৰম্ভ কৰি দেহচৰ্চ্চাৰ নামত দুই এটা পুছ আপো কৰিবলৈ লৈছিলো । কৈছোহে পুছ-আপ
বুলি, দুবাৰমান পুছ কৰিলেই আপ হ’বলৈ হাত-ভৰিছোন থৰহৰি কম্পমান হোৱা হ’ল । সেয়ে দেহচৰ্চ্চাৰ
বাবে এতিয়া কেৱল খোৱাতেই ধাউতি মেলিছো, দিনটোত বাকী কাম হওঁক নহওঁক খানা কিন্তু ঠিকমতে
পেটত পৰিছেনে নাই তাৰ পূৰা ধ্যান ৰখা হৈছো । ভেটিটো এতিয়াই গজগজীয়া কৰি ল’লে তাৰ ওপৰত
পিছে পৰেও যেইমহলা মন যাই দালান সাজি থাকিম ।
সেইদিনা
লগৰ এজনৰ লগত সন্ধিয়া সময়ত চাওমিন্ খাবৰ বাবে ওলাই গ’লো । চাওমিন্, মম’ৰ লগত চিনাকী
হোৱাৰ দিন ধৰি আজিলৈকে সিহঁতৰ লগত “নাইন্ছাফি” কৰা নাই, সময় সুবিধা আৰু মন তিনিওটা
মিলিলেই “য’তে মিলাইব হৰি” ত’লৈকে যাওঁ । সেইদিনাও চাউমিনৰ অৰ্ডাৰ দি দোকানখনৰ বাহিৰত
পাৰি থোৱা টেবুলকেইখনত বহিলোগৈ, উদ্দেশ্য এটাই সন্ধিয়াৰ মানুহৰ আও হাৱা আৰু লগতে মানুহকো
চোৱা । অৱশ্যে পিছৰটোৰ ক্ষেত্রত কেৱল মানুহ বুলি ক’লে ভুল কোৱা হ’ব । বহি থাকোতেই আমাৰ
সন্মুখৰ শাক পাচলিৰ দোকানখনত এজন মানুহ বজাৰ কৰিব আহিল । মানুহজন চিনাকী যেন লগাত ভালকৈ
চাই দেখিলো আমাৰ এইছিৰে পাছ আউট দাদা, অ’ এন জি ছিত কৰে । ভাবিলো এনেই থকা সময়খিনি
দাদাৰ আলেখ লেখেই চোৱা যাওঁক । তেনেকুৱাতে মোৰ লগৰজনে সুধিলে, “দাদাই বিয়া পাতিলে নেকি”?
“এই বয়সতে
ক’ত বিয়া পাতিব? কিয় সুধিলানো”? মই ক’লো ।
“নহয়
মানে, কোন বেচ্ছেলৰে তিতা কেৰেলা খাইহে? মই তিতা কেৰেলা কিনি থকা দেখি সুধিলো”, লগৰজনৰ
সপ্রতিভ উত্তৰ । মোৰ সেই বিষয়টোত ইমান জ্ঞান নাই আৰু লগৰজনৰ উত্তৰৰ আত্মবিশ্বাস দেখি
মইও মনতে কথাতো হয় চাগে বুলি তাক অলপ জোকোৱাৰ ভঙ্গীত ক’লো, “তুমিওতো বিয়া পতাৰ পিছত
তিতাকেৰেলাই খুৱাবা?” লগৰজনে উত্তৰ দিলে, “তুমি আকৌ বিয়াৰ পিছত ক’ৰপৰা টপকিবাহে? মোৰ
তিৰী, মোৰ তিতাকেৰেলা” । উত্তৰ শুনি মই অলপ বিবুদ্ধিতহে পৰিলো, লগৰজনে তিতাকেৰেলাৰ
লগত ৰিজালে কাক,বিয়া নে ঘৈনীক? কথাটোতকৈ মোৰ বেলেগ এটা কথাভাবিহে ভাল লাগিল, আই অসমীৰ
কোলাত “দিল্লী কা লাড্ডুৰ” ঠাইত নতুন এটা উপমাৰ সংযোজন হ’ল ।
No comments:
Post a Comment