সপোন পৰী দেখিছা
কোৱা বাৰু তাই গোলাপী
কল্পনা...
কল্পনাৰ ভেটিয়েইটো
বাস্তৱ ।
নহয় জানো সদায় দেখা
খৰিকাজাই ?
জোনাকী পোহৰৰ শুভ্র
পদ্ম,
সেয়া জানো কল্পনা
?
আচলতে কি জানা.....
সেই সপোন পখীটোৰো
নিজা বুলিবলৈ
ময়েই আছো ।
সেয়ে সিও অবিৰাম
উৰে
হেলেন, এফ্রোদাইটিৰ
ফালে নহয়..........
সেই কাচিঁয়লী পোহৰৰ
নিয়ৰসিক্ত
হাচনাহানাৰ ওচৰলৈ
।
এতিয়া সেই সুবাস
সঞ্জিৱনী সূধা.......
সেই পৰশ আমৃত্যু
কাম্য,
বিমূৰ্ত নিশাৰ প্রত্যেক
মৌনতাৰে বিধৌত ক্ষণত
শুনো মাথো তোমাৰেই
কলৰৱ........
নব’হাগৰ প্রতিটো
ৰঙচুৱাই
চিঞঁৰি চিঞঁৰি সাক্ষী
দিব..........
মই সপোন
পৰী দেখিছো ।বেদব্রত
২৯/০৫/২০১৩
No comments:
Post a Comment