Search

Saturday, 29 June 2013

বিহু

এটি আৰম্ভনি……………
“স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ
দুলিয়াই পাতিলে দোলা……………..”
মাটিৰ এজাক স্পন্দিত প্রতিধ্বনিৰ,
শইচৰ উৰ্বৰা গোন্ধৰ লগতে
আদিম এসোতা কেচাঁতেজৰ মানৱীয় অনুভূতিৰ………..
ডাছ কেপিটেলৰ বুকুৰ পৰা টানি অনা
চহা ঘামলগা এটি নোদোকা প্রতিশ্রুতিৰ…………….
এতিয়া স্বৰ্গদেউৰ সোৱঁৰণী আইৰ হাতনিপেৰাত,
আলঝেইমাৰ আৰু এটোপোলা মকৰাজাললগা আধৰুৱা সপোন !!!!
ঋতুটোৰ সেউজীয়াবোৰো লাহে লাহে ইটাৰঙী হৈছে…..
গছৰ তলিৰ সেই আদিম উৰ্বৰতা
তাকে দেখি প্রকৃতিৰ সন্তানপিয়াসী মন…………..
সকলোবোৰ এতিয়া
মুষ্টিমেয়ৰ চিন্তাৰ “লাহ-বিলাহ”………………
কংক্রীট নগৰীত নব্য আধুনিকতাৰ চিৎকাৰ,
পদপিষ্ট পৰম্পৰা !!!!!!!!!!
উস্ আয়ুসৰেখাদালো দেখোন চুটি হৈ আহিছে…………..
                                                                বেদব্রত(২৯/০৬/১৩)



Friday, 28 June 2013

ভালপোৱাৰ মিথ্(Myth)

তুমি যিদিনা ভালপোৱাৰ ৰাঙলী সিচিঁছিলা
মই বুঢ়া লুইতেৰে ভটিয়াইছিলো……………..
নসেউজীয়াৰ আগলী বতৰা কঢ়িয়াই ,
ৰাজপথত জংকী-পানেই,হীৰ-ৰাঞ্জা,ৰোমিঅ’-জুলিয়েটৰ মিছিল………
তুমিও অংগীকাৰ কৰিছিলা
সেই মিছিলৰ সভ্য হোৱাৰ………..
ময়ো প্রেমৰ অশ্বমেধ পাতিছিলো,
উদ্দাম সেই পিশাচক লেকাম নোহোৱাকৈয়ে দৌৰাইছিলো !!!!!!!!!!
তুমি যদি এখন্তেকৰ বাবেও সেই চুক্তিৰ লগত আপোচ কৰিলাহেতেন……….
মই তোমাৰ ধৃতৰাষ্ট্রৰ বেদীত গান্ধাৰী সাজিলোহেতেন !!!!!!!
তোমাৰ বিলাসিতাই হয়তো নজনালে,
চুৱাপাতনীৰ কুকুৰেও ৰাতি ঘৰত পহৰা দিয়ে……..
গাৱঁত কালিলৈ “দুশাষনৰ ৰক্তপান” ভাওনা………..
লগতে কিছুমান উলংগ নাটকীয়তা !!!!!!!!!!!!!!!!
শোভাযাত্রাৰ ৰংটো এনে নাছিল
ভটিয়নীৰ শেষত কিছুমান জান্তৱ ঘৃণা
আৰু অমানুষিক ব্যৱহাৰৰ ভৰত ভাৰাক্রান্ত দুয়ো………………..
তেন্তে সেই মিছিল,সেই যজ্ঞ ??????????
বুজিলো,
কিছুমান মিথ্ …………
আৰু অলপধতুৱা এজাকৰ আকাশীচাঙৰ সাৰপানী !!!!!!!!!!!!

বেদব্রত 

Monday, 3 June 2013

“দীন”

গইলাহাটীৰ ভাগৰুৱা আবেলিবোৰ সাধাৰনতে ৫ বজাৰ লগে লগেই নিঃপালী দিয়ে । মাইকীমানুহখিনিৰ নিত্য নৈমিত্তিক কাৰ্য্যখিনিৰ বাদেও ওচৰৰ ৰমনীচুকৰ আৰ ঘৰে তাৰ ঘৰে যিহকে পাই তাকে কৰা আৰু ঘৰৰ মুখিয়াল কেইজনে সদানন্দ মহাজনৰ বাগান, খেতি বাৰীৰ ওপৰিও ৰাতিৰ সিজোৱাভাগিৰ বাবে খৰি খেৰ যুগোতোৱা কামত ব্যস্ত থকাৰ বাবে শাৰিৰীক পৰিশ্রমৰ বোজাত সকলোৱেই সন্ধিয়া ভগাৰ পিছতেই বিছনাত পৰে ।

সেইদিনা ৰচকীৰ আগদিনাৰ কিনকিনীয়া বৰষুনজাকত তিতাৰ বাবে ৰাতিপুৱাৰ পৰাই পাতিজ্বৰ, সেয়ে ঘৰতে ল’ৰা ছোৱালীহালৰ ইটো সিটো কৰিয়েই বিছনাখনত যেনে তেনে দিনটো কটাই মানুহটো আহিলেই দিম্ব বেজৰ তালৈ গৈ পানী অলপ জৰাই অনাৰ বাবে সোনকালেই ৰাতিৰ সাজৰ বাবে আখলত সোমাল । তেনেকুৱাতে বাহিৰত ল’ৰা ছোৱালীদুটাৰ হুলস্থুল শুনি তাই বাহিৰলৈ ওলাই আহিল আৰু নতুনকৈ ফুলিব ধৰা ৰঙালাউজোপাৰ আগতো কাষৰে ঢেকেৰাৰ কলী ছাগলীজনীয়ে ঢাহি মুহি নিয়া দেখি নিজৰ কলিজাটোৱেই মোচৰা খাই অহা যেন লাগিল । লগে লগে তাইৰ চিঞঁৰে গইলাহাটী গাওঁখনৰ সেই ক্লান্ত সন্ধিয়াটোৰ জড়তা ভঙাত অলপো কৃপনালি নকৰিলে, “হঞেঁ হাইজাত যাতি ঢেকেৰা, যদি চম্ভালিবই নোৱাৰ তেন্তে সেই মাৰৰ মুৰ খোৱাসোপা পোহ কিয়? চাইহে আছো ৰ অতদিনে বেটী, সকলো জাৰিম কাইলৈ । ৰাতিপুৱা কলৈকো নাযাবি” । ইতিমধ্যে গিৰিয়েক ৰতনো আহি ঘৰ সোমাইছিলহি, সিফালৰ পৰাও উত্তৰ আহিল, “হ’ব চাই লবি, তোৰো গিৰিয়েৰৰ খাই থোৱা নাই মইও শুনি থাকিবলৈ” । মনৰ খঙতে ৰচকীৰ জ্বৰ ক’ৰবাত পলাল, তাই গোটেই ৰাতি পিছদিনাৰ কথা ভাবি চকুৰ পতাৰ নোমে নোমে নালাগিল ।

পিছদিনাই কাউৰীয়ে কা কৰোতেই উঠি ৰচকী চোতাল সৰাত লাগিল, মনে মনে পাৰিব লগীয়া গালিৰো আখৰা চলি থাকিল । তাইৰ মনৰ জুইকুৰা তীব্র হৈ আহিল । গোহালিত সোমাই তলিখন চাফা কৰা হ’লত নিয়মমতে দুইঘৰৰ কাজিয়াৰ মাজত থ’বলগীয়া পাছিটো বাহিৰ উলিয়াই অলপ কোবাই মেলি দিওঁ বুলি পাছি থোৱা ঠাইৰ ফালে চাই দেখে যে পাছি নাই আৰু লগতে নাঙল-যুৱঁলিহালো নাই । গিৰিয়েকক সুধি যেতিয়া গম পালে যে পাছি, নাঙল-যুৱঁলিৰ চোৰে শৰাধ কৰিলে তেতিয়া তাইৰ ক্রোধৰ ৰোষত এইবাৰ ভগৱান পৰিল, “এই জহনীত যোৱাই আজিলৈকেতো বাকী সুখৰ মুখ নেদেখুৱালেই, কালিৰ পৰা পেটৰ পোৰণিতো জাউৰিয়ে জাউৰিয়ে উলিয়াই শান্তি লভো বুলি ভাবিলো সেইকনো সুখে তাৰ গা পুৰিলে । আৰু নিবলৈ মানুহজনীয়ে থাকিলো, সেইটো সোনকালে নে । অন্ততঃ তেতিয়া শেষ শান্তিৰ হাহিঁকণ ময়েই মাৰিম” ।


Saturday, 1 June 2013

“স্পিৰিট কল-২”

সপ্তম সান্মাষিকৰ কথা । খবৰ পালো অসমৰ বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাদেৱ ঢুকাল, এটি যুগৰ অৱসান ঘটিল । অসমীয়া জাতিৰ আয়ুস ৰেখাক চিনাকী কৰোৱা শিল্পীজনৰ বিদায় বেলাত অসমীয়া মানুহখিনিৰ তেওঁৰ প্রতি অকুন্ঠ শ্রদ্ধা দেখা পালো । জালুকবাৰীতে থকা বাবে মোৰো সেই অভূতপূৰ্ব দৃশ্য দেখাৰ সৌভাগ্য ঘটিছিল, বিমানবন্দৰৰ পৰা গুৱাহাটীস্থ নিজ ঘৰলৈকে তেওঁৰ অন্তিম দৰ্শনৰ বাবে মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা । ঠিক অন্তেষ্টিক্রিয়াৰ দিনাও একেই অৱস্থা, এপাক শেষ দৰ্শন কৰি আহো বুলি গ’লো কিন্তু দুজনমান নেতা-পালিনেতা, শিল্পীৰ বহুৱামিহে দৰ্শন হ’ল । ভগৱানৰ প্রসাদ বুলি দূৰৈৰ চন্দ্রক আতৰৰপৰাই সেৱা এটি জনাই হোষ্টেল পালোহি । গোটেই আগবেলাতো টিভিত অন্তেষ্টিক্রিয়াৰ লাইভ্ টেলিকাষ্ট চাই ভাত পানী খাই আবেলি বিচনাত পৰিলোহি ।

ঠিক ৫:৩০ মান বজাত খকামকাকৈ সাৰ পালো । লাহে লাহে ঠান্ডা দিন আহিছে, বেলিও ভাগৰত শুবলৈ গ’ল । মই মুখখন ধুবলৈ বাহিৰ ওলালো, মানুহৰ সাৰ সিকটি নোহোৱা কৰিডৰটোৱে মোলৈ দাত নিকটাই থকা যেন লাগিল । টোপনিৰ জাল বুলিয়েই মই খৰধৰকৈ বেচিনলৈ গৈ মুখ হাত ধুলো আৰু নিজৰ ৰুমৰ ফালে কাড় যোৱাৰদৰে পোনাওটেই চকুত পৰিল মোৰ কাষৰ ৰুমৰপৰা ধোঁৱা ওলাই আছে । টোপনিৰ জাল ভালদৰে যোৱাই নাই বুলি ভাবি নিজকে এবাৰ দুথাপৰমান দিও চালো, নাই নহয়, সঁচাকৈ ধোৱা ওলাইছে । ৰুমটোৰ দুৱাৰ ভিতৰৰপৰা বন্ধ আছিল, সেয়ে ভালদৰে ওচৰ চাপি গৈ ভেন্টিলেটৰেদি দেখিলো, ভিতৰত ঢিমিক ঢামাককৈ পোহৰ আৰু লগতে বহুতো ধোঁৱা । মই লগে লগে নিশ্চিত হ’লো বন্ধুজন এতিয়াও শুই আছে আৰু সি গম নোপোৱাকৈয়ে ভিতৰৰ কৰবাত জুই লাগিছে । মই দুৱাৰত জোৰে জোৰে ঢকিয়াই কেইবাবাৰো তাৰ নাম মাতিলো কিন্তু মানুহৰ সাৰ সিকতিয়েই নাই, আও ইয়াৰো কম মৰ টোপনি নহয় দেই, মৰিলেহে সাৰ পাব যেন পাইছো । শেষত উপাই নাপাই লগৰ আটাই কেইজনকে মাতিলো, দুই তিনিজনে একেই চেষ্টা কৰিলে আৰু ফলো একেই পালে । মুঠতে কিবা নিজেই কৰিব লাগিব, পাহোৱাল দুজনমানে দুবাৰমান দুৱাৰত গুৰিয়াও চালে কিজানি ভাঙেই, কিন্তু আগৰ খাটি বস্তুৰ আগত আমাৰ ভেজাল খোৱা জোৰ নৰজিলে । দুৱাৰ একেভাৱেই বুকু ফিন্দাই থাকিল । শেষত এজনৰ “আইডিয়া” মতে ভেন্টিলেটৰ ধুকি পোৱাকৈ টেবুল চকী জোৰা দিয়া হ’ল আৰু বাল্টিয়ে বাল্টিয়ে ভেন্টিলেটৰেদি পানী মৰা হ’ল । দুজনমানে ফুৰ্টিতে দুৱাৰৰ তলেদিও পানী মৰা আৰম্ভ কৰিলে ।

লগে লগে ভিতৰত যেন মুখ ওন্দোলাই অহা মেঘৰ আস্ফালনহে আৰম্ভ হ’ল, জাউৰিয়ে জাউৰিয়ে চৈধ্যগোষ্ঠী উজাৰি গালি পাৰি পাৰি লগৰজন দুৱাৰ খুলি ওলাই আহিল, পিন্ধনত মাত্র অঙ্গবস্ত্র । আমি ঘটনাটো কি হ’ল বুজি পাবলৈ ভিতৰলৈ গৈ লাইট জ্বলাই দেখিলো যে এখন টেবুলত ডঃ ভূপেন হাজৰিকাদেৱৰ ছবি, সন্মুখত ৮ ডালমান মম্ আৰু লগতে পানীৰ প্রকোপত কেলঢোপ্ কেলঢোপ্  কৰি থকা দুইপেকেটমান ধূপ । ঘটনাটো আমি তেতিয়াহে বুজিলো, বেছেৰাই ইমান সময় আমাৰ সমূহীয়া অত্যাচাৰ সহিও হাজৰিকাদেৱৰ স্পিৰিট কল্ কৰি আছিল কিন্তু আমাৰ ফায়াৰ ব্রিগেডে বেছেৰাৰ সকলো পানীত পেলালে । তাৰ গালিৰ প্রতাপত আমিতো পলালোৱেই, ডঃ ভূপেন হাজৰিকাদেৱৰ আত্মা আহিছিল যদিও ইমান আনকালছাৰদ্ গালি শুনি তেৱোঁ ছাগে পলাই পত্রং দিলে ।

                                                            (এটি সত্য ঘটনাৰ আলম লৈ)