নহয়,নহয়…..
শিৰোনামাৰ বিষয়বস্তুৰ ওপৰত লিখনি নহয় এইটো, আচলতে “হেপ্পী বাৰ্থডে টু য়ু”ৰহে খাটি গাৱঁলীয়া
সংকলন এইটো । আৰু এই লিখাটোও আমাৰ অসমীয়াৰ জন্মদিন উদযাপনৰ নতুন “ইস্টাইল”ৰ ওপৰত এটি
মাত্র নিৰ্বোধ আলোকপাতহে ।
আগৰ দিনত
জ্ন্ম হোৱাৰ সময়ত ল’ৰা বা ছোৱালী অনুসাৰে সমগ্র অসমতে মাছ, মিঠাই, জালাবটা বা অন্যান্য
সামগ্রী ওচৰ চুবুৰীয়াক বিলালেও পিছৰ জন্মদিনবোৰ সাধাৰনতে নামঘৰত শৰাই, চাকি-বন্তি,
প্রসাদ দিয়েই সেই দিনটোৰ শুভেচ্ছা জনোৱা হৈছিল । লাহে লাহে সমাজ সলনি হ’ল, সময়ো সলনি
হ’ল । “অতিকৈ চেনেহৰ মুগাৰে মহুৰা……”ৰ গছৰ তলৰ ঠাই “হেপ্পী নিউ ইয়েৰ”ৰ দিস্ক’, নাইট
ক্লাবে ল’লে । সেয়ে অসমীয়া জন্মদিনেও মনে মনে অলপ “আউটদেটেদ ফিল্” কৰিবলৈ আৰম্ভ কৰিলে
। “ছেন্জ ইজ দা ছ্পাইচ্ অফ লাইফ্” । লগতে অসমীয়াই স্বাধীন অসমৰ তিতা- কেহা খাই খাই
সেই খাৰ খোৱা জিভাখনত মাহ-প্রসাদৰ সোৱাদো নোপোৱা হ’ল, সেয়ে আমদানি ঘটিল নিত্য নতুন
ৰকমৰ কেক্, বেলুন, পেপাঁ, বাৰ্থডে কেপ্, “হাতীয়ে পাদে ফু ফু” আদিৰ….লগতে সদাফুল্ল মহন্ত
ডাঙৰীয়াৰ “ফূৰ্টিপানী”ৰ কথা ন’কলোৱেইবা ।
অৱশ্যে
আমি অধমেও ঘৰৰ পৰা আতৰত থাকি থাকি গুৰু-গোঁসাই বাদ নিদিলেও জন্মদিনবোৰৰ ক্ষেত্রত শিৰোনামাৰ
“ইস্টাইল” ভাগিতেই লাহে লাহে গাৰুৰ গিলিপ খোৱাদি খাপ খাই পৰিছো । কেইদিনমান আগতে এজন
দাদাৰ জন্মদিন আছিল আৰু তেওঁ ৰাতিৰ ভাতসাজৰ বাবে আমাক নিমন্ত্রণ জনালে । খাবলৈ নোপোৱাৰ
নিচিনা যাতে নালাগে তাৰবাবে সন্দীপ আৰু মই এটি গিফ্ট আৰু এটি কেক্ লৈ দাদাৰ ৰুমলৈ কালসন্ধিয়া
নৌভাগোতেই গ’লো, মনতে ভাৱ কিজানি ভাতৰ বাহিৰে আৰু “কিবা” থাকেই । কিন্তু গৈ পাই আমি
নিজেই “ছাৰপ্রাইজ” পালো, দাদাই ৰেস্টুৰেন্টত লগৰ দুজনমানক পাৰ্টি দি আছে, সেয়ে আহোতে
পলম হ’ব । উপাই নাই, দাদাৰপৰা ৰুমৰ চাবিৰ ঠিকনা লৈ “কমেডি চাৰ্কাছ” চোৱাত লাগিলো, যাতে
নিজৰ ট্রেজেদী পাহৰিব পাৰো । এঘন্টাৰ মুৰত দাদা আহিল,লগতে আৰু দুজনমান চিনাকী দাদা
। প্রথামতেই আগতীয়াকৈ জ্বলাই থোৱা মমেৰে সৈতে সুসজ্জিত কেক্ নিৰ্দয়ভাবে কাটিব দিয়া
হ’ল । দাদাইও কেক্ কাটি দুদোখৰমান আনক খুৱাই নিজে খাব লৈছিলহে, তেনেকুৱাতে কেকৰ ওপৰৰ
ক্রীমখিনি এজন দাদাই হাতত লৈ “বাৰ্থডে বয়”ৰ মুখত গোবৰেৰে পিৰালী মোচাৰদৰে লিপিব ধৰিলে
। ঘটনাটোত আমিও খুব ফূৰ্টি পালো, সকলোৱে খোৱা বাদ দি কেকটোৰে ইটোৱে সিটোৰ মুখকেইখনৰ
শালমইনা ভঙাত লাগি গ’লো । সেই বান্দৰামি শেষ হোৱাৰ পিছত যেতিয়া মুখ ধুব গ’লো, লেঠা
তেতিয়াহে আৰম্ভ হ’ল ।
কেকৰ
কোৱালিটী ইমান ভাল নাছিল ছাগে, সেই ক্রীমে আমাৰ মুখত ম’হৰ এঠা দৈৰ দৰে লাগি ধৰিলে ।
ধুই ধুই তৰণি নোপোৱা হ’লো, “ফেচৱাছে”ও মুখ মেলি দিলে, “হেন্দৱাছে”ও হাত দাঙি দিলে ।
মুঠতে গাধোৱাঘৰত আৰু কাপোৰ ধোৱা চাবোনহে বাকী ৰ’ল । সকলোৰে মুখৰপৰা ঘৰৰ ভিতৰতে লাইটৰ
পোহৰত অজস্র তৰাই চিকমিকাব ধৰিলে,মুঠতে সকলোৰে অৱস্থা চাবলগীয়া । নিজৰ অৱস্থা বেয়া
হ’লেও মনটোত কিবা এটা দোষভাৱ লাগিব ধৰিলে, যিয়েই নহওক কেকটো আমিয়ে আনিছিলো । হঠাতেই
মোৰ দুষ্টবুদ্ধি খেলোৱাত ক’লো, “হ’ব দিয়ক, এনেও ল’ৰাৰেই গাল, বছৰ বছৰ ধৰিটো ছালখনে
ক্রীম,লোচনৰ নাম গোন্ধই নুশুনে । ভালেই হ’ল, সকলোৱে আফগান স্ন’ ঘহিঁলো বুলি ধৰি ল’লেই
হ’ল” । লগে লগে গোটেই কেইজনৰ দাতঁৰ ফাকেৰে কেইবাটাও জিলাপী হাহিঁ ওলাই আহিল ।

No comments:
Post a Comment