Search

Monday, 20 May 2013

“বিজ্ঞাপন”


বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ উত্তৰণৰ লগে লগে সকলো বস্তুৰে “লেভেল” বাঢ়ি গৈ আছে । দুদিনমান হৈ গ’ল, এঞ্জেলীনা জ’লিয়ে হেনো জিনৰো বিজ্ঞাপন দিয়াত লাগিল ।মানে বিজ্ঞাপনৰো “লেভেল” বাঢ়িল । অৱশ্যে জ’লিৰ দৰে অপ্সৰা আমাৰ জকাইচুকীয়া গাৱঁত অপৰিচিত বাবে সেই বিজ্ঞাপনে কিমান কাম দিব সেইটো মই নাজানো কিন্তু কৰীনা, ৰাণীৰ গাখীৰে ধোৱা চেহেৰাই যে আমি খাটি খোৱা মানুহবোৰৰ তলি উদং কৰে তাৰে এটা সৰু উদাহৰন আপোনালোকলৈ আগবঢ়াইছো ।

ঘৰ এখনত “আলফা মেলে”ৰে ভৰ্ত্তি হৈ থাকিলেও সকোলোতকৈ “ডমিনেন্ট” হয় মাইকী মানুহগৰাকী ।কিন্তু জিনীয় বৈশিষ্টৰ বাবেই ছাগে সেই জাতিটোৰ প্রিয় বিষয় হ’ল কন্দা-কটা । বিশেষকৈ জ্বলা জুইত ঘিউ দি আছে একতা কাপুৰৰ সেই অন্তহীন সৰ্বনশীয়া কান্দোনপুৰান কেইখনে । সেয়ে এখন ঘৰত মোৰ মতে অতিকমেও দুটা টি ভি থাকিব লাগে- এটা সেই “ছোনিয়া গান্ধী”সকলৰ বাবে আৰু আনটো “মনমোহন সিং” সকলৰ বাবে ।

এদিন ৰিয়েল আৰু বাৰ্চিলোনাৰ খেল চাই বহি আছো, খেলো খেল যেন কৌৰৱ-পাণ্ডৱৰ যুদ্ধহে । “ক্লাইমেক্স” সময়খিনিতেই ৰুমত উধাতু খাই প্রবেশ ঘটিল মা আৰু ঘৰৰ কাম বন কৰা মানুহগৰাকীৰ । আহিয়েই নিৰ্দেশ, “জল্দি ছনীত দিয়া, বড়ে অচ্ছে লগতে হে খনত আজি মিস্টাৰ কাপুৰে ………….” আৰু শুনাৰ ধৈৰ্য্য ন’হল ।মাৰ হাতত ৰিম’টটো ঠেকেচি যোৱাই ভাল বুলি উঠিব লওঁতেই মনত বিপৰীত যুদ্ধ আৰম্ভ হ’ল । ভাবিলো আজি কিতনে অচ্ছে লগতে হে চাইহে যাম, ছনী আৰম্ভ হ’ল আৰু লগতে বিজ্ঞাপনৰ মাজে মাজে সুউচ্ছ দালান এটিত গহনা গাথৰিৰে সুসজ্জিত বোৱাৰীকেইজনীমানৰ কথোপকথন দেখুৱাব ধৰিলে । কিবা বুজাৰ আগতেই আকৌ বিজ্ঞাপন আৰম্ভ হ’ল, “………..নশা আ গয়া য়াৰো নশা আ গয়া……” কেটৰীণাৰ আধা ধকা শৰীৰেৰে লাক্স চাবোনৰ বিজ্ঞাপন । লগে লগে ঘৰৰ কাম কৰা মানুহগৰাকীয়ে চণ্ডিকা দেৱীৰ মূৰ্ত্তি ধৰিলে, “নেওচা কেওচা দিবলৈ বহি. চুলি কেইদালত পাক মাৰি ধৰি বোন্দা চৰ কেইটামান সোধাবলৈহে মন যায় বেটীহতঁক । যোৱা তিনিমাহ ধৰি গোটৰ পইচা পাতি নিদি লাক্স, ফেৰেন লেভলী ঘহিঁলোহে ঘহিঁলো, ক’ত বগা হ’ম দিনক দিনে কাউৰীহে হৈ গৈ আছো ।এতিয়া আকৌ তিনিমাহৰ গোটৰ পইচাও বাকী, এইকেইজনীয়েই চেহেৰা দেখুৱাই খালে “ । কথা শুনি মাৰ হাহিঁত প্রাণ যাওঁ যাওঁ অৱস্থা, মোৰ কিন্তু ভূইঁ ৰোৱা হাতৰ চৰ খাই বেচেৰী দিপিকা, কেটৰীণাহতঁৰ ৰঙা পৰা গালকেইখনৰ কথা মনত পৰিহে হাহিঁ উঠি গ’ল ।

2 comments: