Search

Thursday, 16 May 2013

“ডি আই ডি”ৰ নিৰ্বাচন


শ্রেণীকোঠাত বুজাৰ বাহিৰে বাকীখিনি সময়এনজয়কৰাৰ বাবে মোৰ দৰে ছাত্রৰ বাবে পৰীক্ষাৰ আগৰ এমাহ সময় অতিশয় দুৰ্বিষহ হৈ পৰে অৱশ্যে এই অৱস্থা অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ছাত্রাবাসত থকা প্রায় প্রতিজন ছাত্রৰে হৈছিল বুলি মোৰ মনে কয় তাৰ মাজত অৱশ্যে দুই এজনবেলেগ পৃথিৱী পৰা অহাও নথকা নহয়,বিশেষকৈ ছোৱালীসকল সেই শাৰীত পৰিছিল তেওঁলোকক দেখা পাবলৈ চন্দ্র সূৰ্য্যইও কাকুতি মিনতি কৰিব লগাত পৰিছিল

আগতে লেমিউকৰিলেও মেকুৰীটোৰ মুখখন চাবলৈ ওলাই অহা মানুহটোৰ সেইকেইদিন নিজৰ মুখ চাবলৈও আহৰি নাথাকে তেনেকুৱা এটা দিনতে গোটেই পিছবেলাতো কোনো এটা বিষয় খৰচি মাৰি পঢ়ি আছিলো,কেতিয়া ৰবি অস্তাচলত লুকালে গমেই নাপালো লগৰ কেইজনে সন্ধিয়াৰ চাহৰ বাবে মাতি মাতি আমনি পাই গুছি ,ভাবিছিলো আজি সময় খৰছ নকৰো কিন্তু এটা সময়ত পঢ়াই মুৰত ধৰাত ময়োতালুকদাৰ কেবিন গৰম গৰম চিংৰা আৰু চাহৰ জুতি ওঁ বুলি অকলেই ওলাই আহিলো তালুকদাৰ দাৰ দোকান পাই তাৰ কামকৰা ৰা জয়ন্তক চিংৰা চাহৰ অৰ্ডাৰ দি অলপ বিলাসিতা কৰো বুলি ভাবি সেই দোকানৰ বিশেষ আকৰ্ষণচিংৰা ভূজিয়াএটাৰো অৰ্ডাৰ দিলো তেনেকুৱাতে হঠাৎ চকু বেৰত ওলোমাই থোৱা এখন পোষ্টাৰলৈ, “ডান্স ইন্ডিয়া ডান্সনামৰ  ZEE TV  অনুষ্ঠানটোৰ এজন অসমীয়া প্রতিযোগীৰ ভোট আবেদন কৰি মৰা পোষ্টাৰ সাধাৰনতে কেতিয়াও নাম গোন্ধ নুশুনা থিয়েটাৰ কেইখনমানৰ পোষ্টাৰ লাগি থকা দোকানখনত হঠাৎ এখন চিনাকী ছবি দেখা পাই মনৰ খুদুৱনি মাৰিবলৈ মই জয়ন্তক মাতি আনি সুধিলোএইখন কোনে মাৰিলে ’?” “নাজানো,দাদাজন বোলে কিবা ইলেক্চনত উঠিছে,ভোট বিছাৰি সেইখন মাৰি থৈ গৈছে”, জয়ন্তৰ উত্তৰ উত্তৰটো শুনি তাৰ মুখলৈ চালো,তাৰ অজলা হাহিঁটো দেখি সেই পৰীক্ষাৰ মানসিক চাপৰ মাজতো এটা “দিল” খোলা হাহিঁ ক’ব নোৱাৰাকৈয়ে ওলাই আহিল ।

2 comments:

  1. This is awsmm...jayanta r kanda karkhana bur manat parile atiau misik k hahi ata datar para haraki pare...

    ReplyDelete
    Replies
    1. ক'ব গ'লে জয়ন্তও এটা সৰু সুৰা আকৰ্ষণেই আছিল দোকানখনৰ :)

      Delete