শ্রেণীকোঠাত বুজাৰ বাহিৰে বাকীখিনি সময় “এনজয়” কৰাৰ বাবে মোৰ দৰে ছাত্রৰ বাবে পৰীক্ষাৰ আগৰ এমাহ সময় অতিশয় দুৰ্বিষহ হৈ পৰে। অৱশ্যে এই অৱস্থা অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ছাত্রাবাসত থকা প্রায় প্রতিজন ছাত্রৰে হৈছিল বুলি মোৰ মনে কয় । তাৰ মাজত অৱশ্যে দুই এজন “বেলেগ পৃথিৱী”ৰ পৰা অহাও নথকা নহয়,বিশেষকৈ ছোৱালীসকল সেই শাৰীত পৰিছিল । তেওঁলোকক দেখা পাবলৈ চন্দ্র সূৰ্য্যইও কাকুতি মিনতি কৰিব লগাত পৰিছিল ।
আগতে হ’লে “মিউ” কৰিলেও মেকুৰীটোৰ মুখখন চাবলৈ ওলাই অহা মানুহটোৰ সেইকেইদিন নিজৰ মুখ চাবলৈও আহৰি নাথাকে । তেনেকুৱা এটা দিনতে গোটেই পিছবেলাতো কোনো এটা বিষয় খৰচি মাৰি পঢ়ি আছিলো,কেতিয়া ৰবি অস্তাচলত লুকালে গমেই নাপালো । লগৰ কেইজনে সন্ধিয়াৰ চাহৰ বাবে মাতি মাতি আমনি পাই গুছি গ’ল,ভাবিছিলো আজি সময় খৰছ নকৰো । কিন্তু এটা সময়ত পঢ়াই মুৰত ধৰাত ময়ো “তালুকদাৰ কেবিন”ৰ গৰম গৰম চিংৰা আৰু চাহৰ জুতি লওঁ বুলি অকলেই ওলাই আহিলো । তালুকদাৰ দাৰ দোকান পাই তাৰ কামকৰা ল’ৰা জয়ন্তক চিংৰা চাহৰ অৰ্ডাৰ দি অলপ “বিলাসিতা” কৰো বুলি ভাবি সেই দোকানৰ বিশেষ আকৰ্ষণ “চিংৰা ভূজিয়া” এটাৰো অৰ্ডাৰ দিলো । তেনেকুৱাতে হঠাৎ চকু গ’ল বেৰত ওলোমাই থোৱা এখন পোষ্টাৰলৈ, “ডান্স ইন্ডিয়া ডান্স” নামৰ ZEE TV ৰ অনুষ্ঠানটোৰ এজন অসমীয়া প্রতিযোগীৰ ভোট আবেদন কৰি মৰা পোষ্টাৰ । সাধাৰনতে কেতিয়াও নাম গোন্ধ নুশুনা থিয়েটাৰ কেইখনমানৰ পোষ্টাৰ লাগি থকা দোকানখনত হঠাৎ এখন চিনাকী ছবি দেখা পাই মনৰ খুদুৱনি মাৰিবলৈ মই জয়ন্তক মাতি আনি সুধিলো “এইখন কোনে মাৰিলে অ’?”
“নাজানো,দাদাজন বোলে কিবা ইলেক্চনত উঠিছে,ভোট বিছাৰি সেইখন মাৰি থৈ গৈছে”, জয়ন্তৰ উত্তৰ । উত্তৰটো শুনি তাৰ মুখলৈ
চালো,তাৰ অজলা হাহিঁটো দেখি সেই পৰীক্ষাৰ মানসিক চাপৰ মাজতো এটা “দিল” খোলা হাহিঁ ক’ব
নোৱাৰাকৈয়ে ওলাই আহিল ।
This is awsmm...jayanta r kanda karkhana bur manat parile atiau misik k hahi ata datar para haraki pare...
ReplyDeleteক'ব গ'লে জয়ন্তও এটা সৰু সুৰা আকৰ্ষণেই আছিল দোকানখনৰ :)
Delete