অপৰূপা
তুমি মৃগনয়না
সেই সাগৰনীল দুচকুত
জাগে
ৰহস্যৰ অতিন্দ্রীয়
ৰহঘৰা ।
অপৰূপা
তুমি স্মিতহাসিনী
সেই হাহিঁৰ নিৰ্যাসত
উদ্ভাসিত মোৰ মন
বনহংসিনী ।
অপৰূপা
তোমাৰ খোজৰ লাস্যময়িতাই
ছন্দোবদ্ধ কৰে মোৰ
ভাৱোচ্ছাহৰ সকলো
বাতুলতা ।
তুমি মোৰ জীৱন মৰুৰ
অন্তহীন প্রাণতৃষ্ণা
।
বেদব্রত
No comments:
Post a Comment