(১)
শেৱালীৰ সুৱাসসিক্ত মোৰ সেই পদূলি
নিয়ৰত তিতা শৈশৱৰ আড়ম্বৰতা,
প্রগলভ পুৱাৰ ৰক্তিম আভা
মাদকতাময় শৈশৱ- মোৰ “কেচাঁ সোণ” ।
(২)
লাহে লাহে পদূলি শুৱনি
মোৰ নকৈ ফুলা গোলাপপাহি,
সম্বিৎ হেৰুওৱা সেই মোহন বাহীৰ সুৰ
প্রহেলিকাময় যৌৱন- মোৰ “ৰূপকথাৰ সচাঁৰকাঠী” ।
(৩)
আজি সেই একেই গৰুখুজীয়া বাট
পদপিষ্ট আৰু ভাৰাক্রান্ত,
ৰূপকথাৰ জালি আৰু অভিজ্ঞতাৰ মিছিল
দিকহীন কাগজৰ নাওঁ- মোৰ “ভটিয়নী যাত্রাৰ লগৰী” ।
বেদব্রত(২৭/০৭/১৩)
No comments:
Post a Comment