নাকৰ
শেঙুন নমচি খাই থোৱাৰ বয়সত ডাইনী, যখ-যখিনী, বুঢ়া ডাঙৰীয়া, ভূত-প্রেত আদিবোৰে মোৰ মনৰ
এটি বৃহৎ অঞ্চল অধিকাৰ কৰি থাকিছিল । কিয়নো নাথাকিব বাৰু, মাৰ ফালৰ আইতাৰ মুখত পৰিচিত
হৈছিলো পিছফালৰ বাহবাৰীত থকা এবেগেতীয়া খুটিতাল বজাই উদ্দাম্ নৃত্যৰত যখ-যখিনীৰ আৰু
দেউতাৰ ফালৰ আইতাৰ পৰা পাইছিলো ঘৰৰ পানীপোচাইদি গুৰুবাৰে ৰাতি সকলোকে সোনকালে শেতেলিত
পেলাই নিজস্ব ৰাজকীয়তাৰে যোৱা বগা ঘোঁৰাটোক । আৰু বাকী “সাধাৰন জ্ঞান” বোৰৰ বিষয়ে বাৰু
নকৱেই ।
বুজা
হোৱাৰ পিছত আৰু ঘৰৰ তিনিজন ল’ৰাৰ জেষ্ঠজন হোৱা বাবে অলপ লাজ আৰু সন্মানৰ কথা আহি পৰিল
। লুকাই চুৰকে আন্ধাৰত বুঢ়া ডাঙৰীয়াৰ ভয়ত টিকাফতা দৌৰ দিলেও ভাইটিহঁত থাকিলে “ভীম”ৰ ভাও দি থকা হ’লো । বাহিৰত সৰুপানী
ছোওতে “গাৰ্ড” লগা ল’ৰাটোৱে লাহে লাহে ভাইটিহঁতক সৰুপানী ছোৱাৰ সময়ত “গাৰ্ড” দিব পৰা
হ’লো । নবম-দশম শ্রেনীলৈ সেই ভয় পঢ়াৰ আতিশয্যত নিজেই পলাই পত্রং দিলে ।
শিক্ষান্ত
পৰীক্ষাৰ পিছত আশাতীত ভাৱে ফল লাভ কৰি ভৰি দিলোগৈ ছল্ট ব্রুক একাডেমীত । নগাৱঁৰ পৰা
মই আৰু দেৱাশীষ গৈছিলো আৰু দুয়োৱে থকিব লৈছিলো “ষ্টুডেন্টছ্ হ’ম” নামৰ ছাত্ৰাবাসটোত
। ঘৰৰ পৰা প্রথমবাৰৰ বাবে বাহিৰ ওলোৱাৰ ভয় আৰু তাতে ভূতৰ ওপৰত দানহ পৰাদি পৰিলহি ছিনিয়ৰৰ
“ৰেগিং” । তেতিয়া সেই ৰেগিংৰ মানদন্ড যথেষ্ট নিম্নখাপৰ আছিল যদিও “ওঁঠ চেপিলে গাখীৰ
ওলোৱা” বয়সৰ হৈ থকা বাবে সেইদিনা ৰৌ ৰৌ নৰকত পৰাৰ দৰে লাগিছিল । ৰাতিলৈ আয়োজন চলিল
“স্পিৰিট কল”ৰ মানে ভূত মতাৰ আয়োজন । সন্ধিয়া হৈ অহাৰ লগে লগে ছিনিয়ৰৰদ্বাৰা “স্পিৰিট
কল”ৰ উত্তেজনা, তাৰ পৰা হ’ব পৰা পাৰ্শ্ব প্রতিক্রিয়া আৰু লগতে তাৰ আয়োজনৰ সবিস্তাৰ
বৰ্ণনা চলিল । তেওঁলোকৰ জীৱন্ত বৰ্ণনা আৰু অভিনয় প্রতিভাত পুনৰ উকমুকাই সাৰ পাই উঠিল
অতবছৰে শুই থকা মোৰ ভয়টো ।কথামতেই ৰাতি বাৰ বজাৰ লগে লগে আৰম্ভ হ’ল “স্পিৰিট কল” ।এটা
প্রকান্ড ৰুমত কেইজনমান ছিনিয়ৰ আৰু তেতিয়ালৈকে আহি পোৱা মাত্র চাৰিজন “জুনিয়ৰ”,কোঠাৰ
লাইট বন্ধ আৰু চাৰিডাল মমবাতিৰ পোহৰত মাজত এটা মুদ্রা আঙুলিৰে হেচুকি এজন বিয়াগোম দাদাই
আমাকো তেওঁৰ দৰে কৰিবলৈ নিৰ্দেশ দিলে ।কলিজাতো এখন হাতত লৈ আনখনৰ এটা আঙুলিৰে তাকে
কৰিলো আৰু সকলো নিস্তব্ধ হৈ পৰিল ।অলপ সময় তেনেকৈয়ে গ’ল ।হঠাৎ মুদ্রাই লৰচৰ কৰিব ধৰিলে,বতাহ
বলিব লাগিল,বাহিৰতো ঠুং-ঠাং শব্দ হ’ব ধৰিলে আৰু দাদাকেইজনৰ আব হাৱাও বেলেগ হ’ব ধৰিলে
।মুঠতে সেই ৰহস্যময় ভৌতিক পৰিবেশে আমাক কলপাত কপোৱাদি কপাই গ’ল আৰু আমি ভয়তে চাৰিওজনেই
ৰুমটোৰপৰা দৌৰি বেলেগ এটা ৰুমত একেলগে ৰাতিটোৰ বাবে জীৱনে মৰণে থকাৰ পন ল’লো ।
ৰাতিপুৱা
যেনে তেনে উঠি সকলো কথা ছাত্রাবাসৰ মালিকক কওঁ বুলি গ’লো কিন্তু আতৰৰপৰাই শুনিলো মালিকে
কাৰোবাক ভীষণ গালি পাৰি আছে ।কথাৰ গম লৈ গম পালো যে আমাৰ এজন ছিনিয়ৰে যোৱাৰাতিৰ ভৌতিক
পৰিবেশত জেউতি চৰাবলৈ কাহীঁ-বাচন মাটিত পেলাই থাকোতে চাকৰজনে দেখিলে আৰু তাৰ বাবেই
এই ৰাতিপুৱাই তেওঁ বৰগীত-ভজনৰ ঠাইত গালি শুনি আছে ।লগে লগেই মোৰ ভয় অকালপক্ক টোপনিৰপৰা
উঠা কুম্ভকৰ্ণৰ দৰে মৰা পৰিল আৰু মালিককো একো নজনোৱাৰ সিদ্ধান্ত লৈ কলেজৰ প্রথম দিনটোৰ
বাবে সাজু হোৱাত লাগিলো ।
val lagil..pise mudratu lorsor keneke korile??
ReplyDeleteহা হা....ছিনিয়ৰৰ বদমাছি আছিল :)
ReplyDeleteস্পিৰিট কলৰ বিষয়ে বহলকৈ জানিবলৈ মন আছিল ! ৯৫৭৭৫৫৮৫৭১
ReplyDeletegali kune disil??baba dai??
ReplyDelete