এখনি উকা কাগজ
ভাৱেৰে পূৰ্ণ,
কিন্তু থাকি হ’ল
লিখাৰ অৱকাশ ।
সেই ভাৱৰ কৰণিত
এপাহি এপাহিকৈ ৰঙা
গোলাপ বোটলোতেই দেখোন
আহৰি নাপালো
মুৰ তুলি চাবলৈ,
কেতিয়া উদ্ভাসিত
হৈছিল সোনবৰণীয়া বেলিৰে
তেজোদ্দীপ্ত আকাশ
।
আজি সেই কৰণি দোকোলটকা
বানেৰে সিক্ত
সেই বানে উটুৱালে
সকলো গোলাপ,
আজি মোৰ হৃদয় ৰিক্ত................
বেদব্রত
borhia
ReplyDeleteborhia
ReplyDelete