মনত নতুনকৈ ফুলা গোলাপপাহিক
এটি উজাগৰী নিশাৰ অতি প্রয়োজন ।
কাইঁটীয়া স্বপ্নই
ক্ষতবিক্ষত কৰা ৰাঙলীখিনিক
নতুন সম্ভাৱনীয়তাই নিকা কৰিবলৈ ,
ধূসৰ হোৱা দুচকুত
অলেখ তৰাৰ জিলমিল সপোন সিচিবলৈ
এটি উজাগৰী নিশাৰ অতি প্রয়োজন ।
স্নিগ্ধ জোনাকত তৰাৰ লুকাভাকু,
নতুন নিস্তব্ধত
জান জুৰিৰ কলৰৱ,
দূৰৈত আজন্ম চিনাকী পখীটোৰ
সূমধুৰ কাকলি,
সকলোকেই সাৱটি শোৱা এটি বিমূৰ্ত্ত নিশা ।
তেনে এটি স্বপ্নৰ বাবেও
এটি উজাগৰী নিশাৰ অতি প্রয়োজন ।
বেদব্রত
DHUNIYA..................
ReplyDelete:)
Deleteujagori nixar mounat kolahol biyopaboloi ata atmar oti praoyojan.... xundar auvabr romantik prakax...
ReplyDeleteধন্যবাদ সন্দীপ :)
Deletedhunia hoise
ReplyDelete