ৰাতিপুৱাৰ পৰাই চিপ্
চিপ্ বৰষুণ । চকু মেলিয়েই মনতো বিৰাট বেয়া লাগিল, কিয়নো আজি হিৰণ্ময়ৰ ঘৰলৈ যোৱাৰ কথা
। চেঃ আজি চাগে যোৱাই ন’হব । কিন্তু মৰহি যোৱা মনটোত নতুন হেঁপাহ যোগাই ১০ বজাত হিৰণ্ময়ৰ
ফোন আহিল, “হেল্ল’, বেদ মই টাউন আহি পালো । তোমালোক ওলাই আহা” । মনটো ফাগুনৰ মলয়াছাটিত
কহুৱা তুলা উৰাদি উৰি গ’ল । লগে লগে গাটো তিয়াই সন্দীপ আৰু মই সেই কিনকিনীয়া বৰষুণৰ
আমেজ উপভোগ কৰি হিৰণ্ময়ৰ লগত যাত্রা কৰিলো নামতি অভিমুখে ।
এপাচি শাকত এটি জলকীয়া
সদৃশ বন্ধ দিনকেইটাত সন্দীপ আৰু মই খাপ পিটি বহি থাকো কাৰোবাৰ ঘৰলৈ কিজানি মাতেই, নতুন
ঠাই চোৱা হ’ব লগতে ভাতকেইটাও মোকলোৱা হ’ব । অৱশ্যে আমাক দোষ দি লাভ নাই, সকলো বেচ্ছেলৰেই
চাগে জানে অন্ন ভাগীৰ লগত থকা আনুষংগিক কষ্টখিনিৰ কথা ।
এঘন্টা টেম্প’ৰ ঠেকেচনি
আৰু এমাইলমান বাট খোজ কঢ়াৰ পিছত নামতিৰ সেই নিৰ্দিষ্ট ঘৰটোত প্রৱেশ কৰিলো, হিৰণ্ময়ৰ
ঘৰ । সোমায়েই খুৰা খুৰী, ভাইটিদুজনৰ আতিথ্যৰ উমাল পৰশে আমাক পাহৰাই পেলালে আমি যে সেই
ঘৰৰ সদস্য নহয় । হিৰণ্ময়ৰ নতুন মক্টেইল,চানা,মিঠাই,চাহ উদৰস্থ কৰি কৰি “কচুগুটি” চোৱাত
লাগিলো । সেই সময়ৰ জোৱাৰত বহু হাহিঁ, বহু স্মৃতিয়েই উটি ভাহিঁ গ’ল । শেষত খুৰীৰ হাতৰ
হাহঁৰ মাংস,গাহৰিৰ চাটনী, জিকাৰ বাকলি, কাচ কলৰ বাকলিৰ চাটনীৰে কেইবাদিনো খাব লগা নোহোৱাকৈ
খালো । সম্পূৰ্ণ এটা বেলা কেনেকৈ গ’ল গমেই নাপালো । ৫ বজাত হিৰণ্ময়ৰ ঘৰৰ সকলোকে মাত
লগাই নামতিৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰি টেম্প’ত উঠিলোহি, মাত্র বুকুত হেন্দোলনি
লগাই থাকিল কিছু মিঠা লগা স্মৃতিয়ে ।
লেখি যোৱা !!!!!!!!!!!!!!!!
ReplyDeleteনেৰিবা ৷
প্রতিভু দা :) :)
Deletegahori chatni olop..
ReplyDeleteআহি যোৱা সতীৰ্থ :)
Delete