এগৰাকী আদবয়সীয়া মানুহ এটি দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হ’ল । লগে লগে তেওঁক হস্পিতালত ভৰ্ত্তি কৰোৱা হ’ল । সমাজৰ লেখত ল’বলগীয়া আৰু আৰ্থিকভাৱে টনকিয়াল হোৱা বাবে ডাক্তৰ আৰু নাৰ্ছৰো তেওঁক লৈ যুদ্ধকালীন প্রস্তুতি চলিল । ঘটনাৰ খবৰ পাই হস্পিতালৰ চৌহদো গুণমুগ্ধ লোকেৰে ভৰি পৰিল, সকলোৱে তেওঁৰ আশুআৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্রাৰ্থনা জনালে ।
আচলতে মানুহগৰাকীৰ চাউল উকলিছিল যদিও সকলো মানুহৰ তেওঁৰ প্রতি থকা মৰম আৰু শ্রদ্ধা দেখি ভগৱানৰো প্রস্তৰ হৃদয় কুমলিল আৰু ভাৱিলে, “সমাজৰ বাবেই তেওঁক আৰু কেইবছৰমান জীয়াই থাকিব দিয়া হওঁক” । কথা মতেই কাম, মৰো মৰো অৱস্থাত থকা মানুহগৰাকীৰ সপোনত ভগৱান আৰ্বিভাৱ হ’ল । ভগৱানক দেখাৰ লগে লগেই মানুহগৰাকীয়ে সাস্তাংগে প্রণিপাত কৰি প্রথমেই “কিমতে ভকতি কৰিবো তোমাক হৰি হে……”ঘোষাইদি আৰম্ভ কৰি শেষত সুধিলে, “মোৰ তোমাৰ ওচৰ যাবৰ সময় হ’ল নেকি ভগৱান?” ভগৱানে আগতে “ডিছাইদ্” কৰি লোৱা মতেই ক’লে, “নাই বৎস, তুমি আৰু ত্রিশ বছৰ এশ এদিন জীয়াই থাকিবা” আৰু ভগৱান অৰ্ন্তধান হ’ল । সময়ত মানুহগৰাকীও আৰোগ্য হ’ল, সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে । মানুহগৰাকীয়ে ভাৱিলে, “স্বয়ং HODৰ পৰাই ইমান বছৰৰ লাইচেন্ছ পালো যেতিয়া অলপ ধুনীয়া হৈ লোৱাই ভাল” । তেওঁ লগে লগেই দেশৰ সকলোতকৈ ভাল বিউটিচিয়ান লগাই চকু,নাক,ওঁঠ আদি বিভিন্ন কমনীয় অঙ্গসমূহ ছাৰ্জাৰী কৰাই দেখাত ষোড়শী যুৱতী হৈ পৰিল । কিন্তু তেওঁ বিউটিচিয়ানৰ চেম্বাৰৰ পৰা ওলাই নিজৰ গাড়ীৰ ফালে আগবাঢ়োতেই এখন ট্রাকৰ আগত পৰি মৃত্যু ঘটিল ।
ভগৱানৰ ওচৰ পাই তেওঁ খঙেৰে শুধিলে, “তুমিও মিছা কথা কোৱানে ভগৱান? মোক ইমান বছৰ জীয়াই থকাৰ আশা দেখুৱাই এতিয়াই লৈ আনিলা যে? সেইবুলি জনা হ’লেচোন মই ইমান টকা পানীত নেপেলালোহেতেন” । ভগৱানে উত্তৰ দিলে, “তুমি নিজকে এবাৰ লক্ষ্মীৰ গডৰেজ মিৰ’ৰখনত চাই আহা চোন । সেইদিনা এৰি থৈ অহা পঞ্চাছ বছৰীয়া বুঢ়ীজনী যে ইমান কম সময়তে কেটৰীণা কাইফজনী হৈ পৰিবা কোনে জানে? মই তোমাক চিনিবই নোৱাৰিলো । ভুল হৈ গ’ল দিয়া, এতিয়া পাৰা যদি আমাৰ এখেতকে বিউটী টিপচ্ অলপ দিবাচোন”। (আলম লৈ)
borhia lagil bora......
ReplyDeleteধন্যবাদ ৰঞ্জন :)
Deletehara mohanar mohini :) vogowan r mistake :) nice :)
ReplyDelete:) :)
Deletehaha..borhiaaa
ReplyDelete:D thanks
Delete