Search

Saturday, 18 May 2013

“ইচ্টেন্ড্”


হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্য সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জনালো আৰু লগতে ভৱিষ্যত জীৱনৰ সোনালী বাটত যেন নিজৰ আৰু লগতে জন্মভূমিৰো গৌৰৱধ্বজা উৰুৱাব পাৰা তাৰে কামনা কৰিলো এই চেগতে মোৰো ব্যক্তিগত এটি অভিজ্ঞতা পাঠক সকললৈ আগবঢ়ালো

দশম শ্রেণীৰ আগলৈকে বাঘৰ আগতেল খোৱা ৰাতো এজন ছাত্রবন্ধুৰ কৃপাতটেষ্টপৰীক্ষাৰ পিছৰপৰা পঢ়াতছিৰিয়াছহৈছিলো ছিৰিয়াছমানে তামাম ছিৰিয়াছ, যেন দ্রৌপদীৰ পাণি গ্রহনৰ বাবে একান্ত মনে মাছৰ মণিটো চাই থকা অৰ্জুনহে পিছে তেৰাৰ কৃপাত সেইডেদিকেচনেফল দিলে, প্রথম বিছজনৰ ভিতৰত অন্তিম স্থানতো পালো যেনিবা কিবা কৰি লগে লগে ৭৫ ছাইজ গেঞ্জিৰ ফাটো ফাটো অৱস্থা , স্কুলৰ সকলোৰে বাহ্ বাহ্ লৈ দেউতাৰ লগত স্কুটাৰৰ পিছফালে বহি ঘৰমুৱা লো আগতে পাণ্ডৱৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ দৰে চেকুৰা স্কুটাৰখন সেইদিনা গুৱাহাটীৰ চিটিবাছ কেইখনৰ দৰে ঠায়ে ঠায়ে মোৰ বিশ্বজয় বাতৰি দিবৰ বাবে ৰৈ ৰৈ চলিছিল শেষত পোন্ধৰ মিনিটৰ বাট দুঘন্টাত অতিক্রম কৰি ঘৰ পালোহি ঘৰত আহি দেখিলো ওচৰ-চুবুৰীয়াৰে ঘৰ ভৰপুৰ, কোনোৱে গুণগান কৰাত ব্যস্ত কোনোৱে আকৌ অদিতি হোটেলৰ জেলেপী-লালমোহন হজম কৰাত ব্যস্ত মুঠতে মোৰৰিজাল্টেদুবিধ ফল দিলে- আগতে ছাইদ্ হিৰমানুহটোৱে কেইদিনমানৰ বাবেব্রেড পিট্হৈ পৰিলো আৰু আমাৰ বাকী দোকান কেইখনে আৰু কেইবামাহলৈ বাকীৰ পইচা নোপোৱাতো খাটাং হৈ পৰিল

তেনেকুৱাতে কাষৰে এগৰাকী আইতা আহি মোৰ ৰিজাল্টৰ কথা সুধিলেহি মই কিবা বলৈ পোৱাৰ আগতেই সৰু ভাইটিয়ে তপৰাই মাত দিলে, “স্টেন্ড কৰিলে দাদাই আইতাই তাকে শুনি যি উত্তৰ দিলে মই হাহিঁমেই নে কান্দিম ধৰিব নোৱাৰা লো তেওঁ লে, “তাৰমানে ডিবিজন নাপালি? মোৰ নাতিয়ে যোৱাবাৰ থাৰ্ড ডিবিজন পাই পাছ কৰিছে পঢ়া বস্তুটো ইমান সহজ নহয় বোপাই দে, আগলৈ ভালকৈ পঢ়িবি এইবাৰ যি কৰিলি কৰিলি আৰু মই মনতে ভাবিলোখা বাপেকে ভীমকলটো

6 comments:

  1. woh, borhiya lagil pohi...bedabrat da,ei kothatu tumi iman dine kuwai nasila dekhun amak...!

    ReplyDelete
    Replies
    1. :D ৰাকেশ......কিনো ক'বা আৰু ;)

      Delete
  2. :) bedabrat daa jomala dei..pise tumi aitak ki reply dila?????

    ReplyDelete
    Replies
    1. কিনো ক'ম,মই আগলৈ ভালকৈ পঢ়িম বুলিয়েই ৰামায়নখন সমাপ্তি কৰি থ'লো আৰু :)

      Delete
  3. u hv really change the concept of writing.....4 me...u r upcmng DR.B.N.Saikia..... keep up.....nice wrtng skill....jst go ahead

    ReplyDelete
    Replies
    1. বেছিকে ক'লা নেকি :p সৰু সৰু কথা ভাল লাগে,সেয়ে তাকে শব্দৰূপ দিছো ।

      Delete