Search

Friday, 17 May 2013

“কইনা মোৰ চুবুৰীয়া”


আজিকালিৰ “টিউচন্” আৰু আগৰ দৰে হৈ থকা নাই । আমাৰ দিনৰ ৰেলী চাইকেলৰ ঠাই বাইকে ল’লে, আগতে ছোৱালীবোৰ টিউচনৰ শেষত দেউতাক অহালৈ বাট চাই থাকে ( সেই সময়তেই ভাল লগা গৰাকীক লুকাই চুৰকে অপলক নেত্রেৰে চাই থাকোতে শেষত চকুৰ পতায়ে চাৰেন্দাৰ কৰি দিছিল ) কিন্তু এতিয়া ছোৱালীবোৰৰ “স্কুটি পেপ্”ৰ ধোৱা খাই খাই দেউতাকহঁতে চোৰাংচোৱাগিৰি কৰিব লগা অৱস্থা হৈছেহি । সেইমতে শিক্ষাগুৰুৰ “প্রফেছনেলিজিমো্” বাঢ়িছে, শিক্ষাৰ মানডন্দৰো হীন ডেঢ়ি ঘটিছে । মুঠতে “টিউচন”তো কলিকালৰ পৰশ লাহে লাহে পৰিছে ।
                                    
সেই ৰেলী চাইকেলৰ দিনতেই মই এজন ছাৰৰ তাত ঐচ্ছিক গণিত বিষয়টোৰ টিউছন লৈছিলো । মই পঢ়া আটাইকেইগৰাকী শিক্ষাগুৰুতকৈ তেওঁ সকলোতকৈ বেছি “ফ্রি” আৰু ৰসাল আছিল । তেওঁ লোৱা এটি শ্রেণীৰ এটি টুকুৰা খন্ডচিত্র এনেধৰনৰ – ৰিক্ত সংহতিৰ উদাহৰন অটল বিহাৰী বাজপেয়ীৰ এক মিনিটৰ শব্দসংখ্যাৰে বুজাই থকাৰ সময়তেই ছাৰৰ এবছৰীয়া ছোৱালীজনীয়ে কান্দি উঠিল । লগে লগে ছাৰ উঠিগৈ ছোৱালীজনী কোলাত লৈ আহিল । “এইবোৰ বৰ দিগদাৰি বুজিছা, বিয়া বাৰুৰ কাৰবাৰেই মহা লেঠা । ডাইপাৰৰ গোন্ধ পাই পাই ছেন্ট্-ক্রীমৰ গোন্ধ মোৰ নাকে বেয়াই পোৱা হ’ল বুজিছা”,ছাৰৰ মাতত খং । মই সুধিলো, “বাইদেউ নাই নেকি ছাৰ”? ছাৰে ছোৱালীজনীক নতুন অঙ্গবস্ত্র পিন্ধাই পিন্ধাই উত্তৰ দিলে, “নাই,মাকৰ ঘৰলৈ যোৱা এঘন্টাই হ’ল” ।ময়ো ছাৰৰ দুখত ভাগ লওঁ বুলি ক’লো, “এই বয়সতেনো ছোৱালীজনী এৰি থৈ বাইদেউ মাকৰ ঘৰলৈ যাব লাগে নে”? ছাৰৰ মুখমন্ডলৰ খঙৰ ডাৱৰ উৰুৱাই তৎক্ষণাৎ এচাটি লাজে আৱৰি ধৰিলে আৰু ৰঙা হৈয়েই ক’লে, “এহ বেছি দূৰ নহয় দিয়া । কাষৰ ঘৰলৈহে গৈছে, ৰ’বা মই মাতি আহিছো” আৰু উঠি গ’ল । মই ছাৰ যোৱাৰ ফালে উভটি অহা ফেচাঁটোৰ দৰে চাই চাই ভাবিলো “এই বিষয়টোও ছাৰৰ পৰাই শিকিব লাগিব । ভালেই হ’ল দে, এক গুলিত দুই চিকাৰ হৈ যাব” ।

14 comments:

  1. 2mr likhnit jadu ase bro....keep up....

    ReplyDelete
  2. Wah bedo... Oti xindor

    ReplyDelete
  3. wah re writter....after a long tym

    ReplyDelete
    Replies
    1. মৃন্ময় দা,শুনি বহুত ভাল পালো । ধন্যবাদ :)

      Delete
  4. ajikali sir hoteu porhar bahire kisu xtra gyan die..val likhisa..keep up the gud work :)

    ReplyDelete
  5. Ou amar moromor R.Saikia sir mane :)...sir'k kotha tu koisane nai iyat teur ktha likha buli..neway, likhar style tu borhiya lagisa..!

    ReplyDelete
    Replies
    1. ধন্যবাদ :) নাই কোৱা,পিছে পৰে ক'ম দিয়া :)

      Delete
  6. loved it....moi prothome dhoribo pora nasilu..pasot he :-)
    ......... jst keep on writing (y)

    ReplyDelete