Search

Friday, 6 December 2013

“শৈশৱৰ পথাৰখনিৰ দুখ”

তেতিয়া নকৈ গজা সেউজীয়াখিনিয়ে কলমলাইছিল
স্বপ্নভঙ্গ ৰোৱনি আৰু
থৰকাছুটিত হোলোঙা সৰিছিল ,
পূবত পুৱাৰ পখীজনীৰ যোজা……
এটি নতুন দিন
আৰু…………………….
পথাৰৰ নতুন সতেজ আত্মীয়তাৰ আৱাহন
নাঙল-যুৱলিৰে ভাৰী কান্ধখনত লাহে লাহে মণিগুটি বিৰিঙে,
গুৰ-পিঠাগুৰি সামৰা হাচতিখনে সেই মণিৰে
মৰমৰ মালা এধাৰি গাঠে
লাহে লাহে………………
সেউজীয়াৰ আচঁলত সোণোৱালী বুটা বছাৰ সম্ভাৰ,
এয়াযে আঘোণমহীয়া ডাঙৰি অনা বিৰিয়াৰ বতৰ
-যৌৱনপ্রাপ্ত পথাৰখনত জীৱনৰ জয়গান,
বাহৰ খবুৱাত জিৰণি লৈ থকা কাচিঁখনৰো
চেৰেং চেৰেংকৈ মনত পৰে………….
সোণালী থোকৰ মণি মুকুতাৰ চিকমিকণি
লমাৰী, ডিলামাৰিৰ আপোন ফলীয়া তুঁহ,গুড়ি তুঁহ,
বিচ্ছেদৰ তাড়ণাত বিৰহী প্রেমিক……………….
মলখু চাউল, মলঙা চাউল, ভেকুঁৰা চাউল
এতিয়া পথাৰখনিয়ে সেই শৈশৱৰ মিঠা স্মৃতি বুকুত বান্ধি শোৱে,
আজিকালি দুখৰ লোতকৰ শেওঁতাত……..
তাহানিৰ নিজনি পানী বয়




বেদব্রত(০৫/১২/১৩)

No comments:

Post a Comment