তেতিয়া নকৈ গজা সেউজীয়াখিনিয়ে কলমলাইছিল…
স্বপ্নভঙ্গ ৰোৱনি আৰু
থৰকাছুটিত হোলোঙা সৰিছিল ,
পূবত পুৱাৰ পখীজনীৰ যোজা……
এটি নতুন দিন
আৰু…………………….
পথাৰৰ নতুন সতেজ আত্মীয়তাৰ আৱাহন ।
নাঙল-যুৱলিৰে ভাৰী কান্ধখনত লাহে লাহে মণিগুটি বিৰিঙে,
গুৰ-পিঠাগুৰি সামৰা হাচতিখনে সেই মণিৰে
মৰমৰ মালা এধাৰি গাঠে ।
লাহে লাহে………………
সেউজীয়াৰ আচঁলত সোণোৱালী বুটা বছাৰ সম্ভাৰ,
এয়াযে আঘোণমহীয়া ডাঙৰি অনা বিৰিয়াৰ বতৰ ।
ন-যৌৱনপ্রাপ্ত পথাৰখনত জীৱনৰ জয়গান,
বাহৰ খবুৱাত জিৰণি লৈ থকা কাচিঁখনৰো
চেৰেং চেৰেংকৈ মনত পৰে………….
সোণালী থোকৰ মণি মুকুতাৰ চিকমিকণি ।
শ’লমাৰী, ডিলামাৰিৰ আপোন ফলীয়া তুঁহ,গুড়ি তুঁহ,
বিচ্ছেদৰ তাড়ণাত বিৰহী প্রেমিক……………….
মলখু চাউল, মলঙা চাউল, ভেকুঁৰা চাউল ।
এতিয়া পথাৰখনিয়ে সেই শৈশৱৰ মিঠা স্মৃতি বুকুত বান্ধি শোৱে,
আজিকালি দুখৰ লোতকৰ শেওঁতাত……..
তাহানিৰ নিজনি পানী বয় ।
বেদব্রত(০৫/১২/১৩)
No comments:
Post a Comment